অসম

গাঞ্জা খেতিৰ ৰম্যভূমিলৈ পৰিণত দক্ষিণ কামৰূপৰ চৰাঞ্চল; আৱকাৰী আৰু আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ খেতি ধ্বংস

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

গাঞ্জা খেতিৰ ৰম্যভূমিলৈ পৰিণত দক্ষিণ কামৰূপৰ চৰাঞ্চল; আৱকাৰী আৰু আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ খেতি ধ্বংস।

২ / ৫

দক্ষিণ কামৰূপৰ একাংশ চৰাঞ্চলত অবৈধভাৱে চলি থকা গাঞ্জা খেতিৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ খেতি ধ্বংস কৰিলে কামৰূপ জিলা আৱকাৰী বিভাগ আৰু আৰক্ষীয়ে।

৩ / ৫

প্ৰাপ্ত তথ্য অনুসৰি, দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত আৰিকাটি, বৰঘোল আৰু গৰুৰচৰ আদি দুৰ্গম অঞ্চলত দীৰ্ঘদিন ধৰি অবৈধভাৱে গাঞ্জা খেতি কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল।

৪ / ৫

এই তথ্যৰ ভিত্তিত কামৰূপ জিলা আৱকাৰী বিভাগ আৰু সোণতলী আৰক্ষী চকীৰ এটা বৃহৎ দলে অঞ্চলকেইটাত অতৰ্কিতে অভিযান চলায়।

৫ / ৫

উল্লেখযোগ্য যে, চৰাঞ্চলসমূহত গাঞ্জাৰ অবৈধ খেতি আৰু ব্যৱসায়ক লৈ উদ্বেগ বৃদ্ধি পাইছে।

গাঞ্জা খেতিৰ ৰম্যভূমিলৈ পৰিণত দক্ষিণ কামৰূপৰ চৰাঞ্চল; আৱকাৰী আৰু আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ খেতি ধ্বংস

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক