দক্ষিণ কামৰূপৰ একাংশ চৰাঞ্চলত অবৈধভাৱে চলি থকা গাঞ্জা খেতিৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ খেতি ধ্বংস কৰিলে কামৰূপ জিলা আৱকাৰী বিভাগ আৰু আৰক্ষীয়ে। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত যুটীয়াভাৱে চলোৱা এই অভিযানত বিঘাই বিঘাই গাঞ্জা খেতি কাটি তহিলং কৰাৰ লগতে থিতাতে জুই লগাই ধ্বংস কৰা হয়।

প্ৰাপ্ত তথ্য অনুসৰি, দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত আৰিকাটি, বৰঘোল আৰু গৰুৰচৰ আদি দুৰ্গম অঞ্চলত দীৰ্ঘদিন ধৰি অবৈধভাৱে গাঞ্জা খেতি কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল। আৰক্ষী আৰু প্ৰশাসনৰ চকুত ধূলি দি একাংশ লোকে এই নিষিদ্ধ খেতি চলাই অহা বুলি জানিব পৰা গৈছে।

এই তথ্যৰ ভিত্তিত কামৰূপ জিলা আৱকাৰী বিভাগ আৰু সোণতলী আৰক্ষী চকীৰ এটা বৃহৎ দলে অঞ্চলকেইটাত অতৰ্কিতে অভিযান চলায়। অভিযানকাৰী দলটোৱে বিভিন্ন স্থানত কৰা গাঞ্জা খেতি কাটি ধ্বংস কৰে। অৱশ্যে অভিযানত মুঠ কিমান বিঘা ভূমিত গাঞ্জা খেতি কৰা হৈছিল, সেই সন্দৰ্ভত নিৰ্দিষ্ট পৰিমাণৰ তথ্য প্ৰকাশ পোৱা নাই।

উল্লেখযোগ্য যে, চৰাঞ্চলসমূহত গাঞ্জাৰ অবৈধ খেতি আৰু ব্যৱসায়ক লৈ উদ্বেগ বৃদ্ধি পাইছে। কম সময়ত অধিক ধন উপাৰ্জনৰ আশাত একাংশ কৃষকে পৰম্পৰাগত শাক-পাচলিৰ খেতিৰ সলনি নিষিদ্ধ গাঞ্জা খেতিত জড়িত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। চোৰাং ব্যৱসায়ীৰ প্ৰৰোচনাত এই খেতি সম্প্ৰসাৰিত হোৱাৰো অভিযোগ আছে।

ইফালে, একাংশ স্থানীয় দেৱানী-মাতাব্বৰৰ সৈতে অসাধু ব্যৱসায়ী চক্ৰৰ সম্পৰ্ক থকাৰ অভিযোগো উত্থাপন হৈছে। অৱশ্যে এই অভিযোগসমূহৰ সত্যতা আৰু ইয়াৰ সৈতে কোন কোন লোক জড়িত, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

আৱকাৰী বিভাগ আৰু আৰক্ষীৰ এই অভিযানক সচেতন মহলে আদৰণি জনাইছে। কিন্তু প্ৰতিবছৰে অভিযান চলাই গাঞ্জা খেতি ধ্বংস কৰাৰ পিছতো এই অবৈধ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা নাই কিয়, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

কেৱল খেতি ধ্বংস কৰাতে সীমাবদ্ধ নাথাকি এই অবৈধ ব্যৱসায়ৰ আঁৰত থকা মূল চক্ৰ আৰু ইয়াৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰাটোও প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰিছে সচেতন মহলে। আগন্তুক সময়ত আৰক্ষী আৰু আৱকাৰী বিভাগে এই দিশত কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।