অসম

মৰিগাঁৱত যান-বাহন নিয়ম উলংঘনকাৰী ২৩ জন চালকৰ অনুজ্ঞাপত্ৰ নিলম্বন

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

মৰিগাঁও জিলাত সুৰাপান কৰি আৰু অতিৰিক্ত বোজা কঢ়িয়াই বাহন চলোৱাৰ অপৰাধত ২৩ জন চালকৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰিলে প্ৰশাসনে।

২ / ৫

পথ সুৰক্ষা সুনিশ্চিত কৰা আৰু দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগে যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

৩ / ৫

মৰিগাঁও আৰক্ষী আৰু জিলা পৰিবহণ বিভাগৰ যৌথ তালাচী অভিযানত এই চালকসকল ধৰা পৰে।

৪ / ৫

জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে পথত দায়িত্বশীলভাৱে বাহন চলাচল সুনিশ্চিত কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

৫ / ৫

শেহতীয়াকৈ কাজিৰঙাত সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল।

মৰিগাঁৱত যান-বাহন নিয়ম উলংঘনকাৰী ২৩ জন চালকৰ অনুজ্ঞাপত্ৰ নিলম্বন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক