মৰিগাঁও, ২৫ নৱেম্বৰ:
পথ সুৰক্ষা সুনিশ্চিত কৰা আৰু দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগে যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। নৱেম্বৰ মাহত সুৰাপান কৰি বাহন চলোৱা আৰু নিৰ্ধাৰিত সীমাতকৈ অতিৰিক্ত বোজা কঢ়িওৱাৰ অপৰাধত জিলাখনৰ ২৩ জন চালকৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰা হৈছে।
মৰিগাঁও আৰক্ষী আৰু জিলা পৰিবহণ বিভাগৰ যৌথ তালাচী অভিযানত এই চালকসকল ধৰা পৰে। অনুজ্ঞাপত্ৰ নিলম্বন কৰা চালকসকলৰ নাম আৰু বাহনৰ নম্বৰসমূহ জিলা প্ৰশাসনে ইতিমধ্যে ৰাজহুৱা কৰিছে।
জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে পথত দায়িত্বশীলভাৱে বাহন চলাচল সুনিশ্চিত কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সুৰাপান কৰি অথবা অতিৰিক্ত বোজা লৈ বাহন চলাই নিজৰ লগতে আন পথচাৰী আৰু যাত্ৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা চালকৰ বিৰুদ্ধে কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন কৰা নহ'ব বুলি বিভাগে স্পষ্ট কৰি দিয়ে। এই ক্ষেত্ৰত প্ৰশাসনে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে।
শেহতীয়াকৈ কাজিৰঙাত সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো প্ৰশাসন সষ্টম হৈ পৰে। ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে ঘোষণা কৰা অনুসৰি মদ্যপান কৰি বাহন চলোৱা, অতিৰিক্ত বোজা বা যাত্ৰী কঢ়িওৱা আৰু হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱা আদি অপৰাধ একেৰাহে তিনিবাৰতকৈ অধিক সংঘটিত কৰিলে চালকৰ অনুজ্ঞাপত্ৰ আৰু বাহনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
আনহাতে, পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ আৰু নিয়ম ভংগকাৰীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ আৰক্ষী, পৰিবহণ, আবকাৰী আৰু গড়কাপ্তানি বিভাগক সামৰি জিলা পৰ্যায়ত 'পথ সুৰক্ষা টাস্ক ফ'ৰ্চ' গঠন কৰা হৈছে। অনাগত দিনতো সুৰাপায়ী চালক, তীব্ৰ বেগত বাহন চলোৱা আৰু অতিৰিক্ত বোজা কঢ়িওৱাৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহণ বিভাগৰ এই যৌথ অভিযান অব্যাহত থাকিব বুলি বিভাগে সকীয়াই দিছে।