অসমৰ যোৰহাট আৰু শিলচৰত এয়াৰটেলে ৪৫৫ কোটি টকা বিনিয়োগেৰে দুটা নতুন ডাটা চেণ্টাৰ নিৰ্মাণ কৰিব।
গুৱাহাটী, ২৫ নৱেম্বৰ: অসমৰ ডিজিটেল আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে যোৰহাট আৰু শিলচৰত দুটা বৃহৎ ডাটা চেণ্টাৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ভাৰতী এয়াৰটেলে।
এই সন্দৰ্ভত অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ সচিব নন্দিতা দত্ত আৰু এয়াৰটেলৰ প্ৰিয়ংকা জৈনৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।
পৰিকল্পনা অনুসৰি, যোৰহাটত প্ৰায় চাৰি একৰ মাটিত ১০ মেগাৱাট ক্ষমতাৰ ডাটা চেণ্টাৰটো নিৰ্মাণ কৰা হ’ব।
আনহাতে, শিলচৰত প্ৰায় পাঁচ একৰ মাটিত নিৰ্মাণ হ’বলগীয়া ১৫ মেগাৱাট ক্ষমতাৰ আনটো ডাটা চেণ্টাৰত ২৫৫ কোটি টকা ব্যয় কৰা হ’ব।
newznow.in