গুৱাহাটী, ২৫ নৱেম্বৰ: অসমৰ ডিজিটেল আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে যোৰহাট আৰু শিলচৰত দুটা বৃহৎ ডাটা চেণ্টাৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ভাৰতী এয়াৰটেলে। মুঠ ৯ একৰ মাটিত নিৰ্মাণ হ’বলগীয়া এই দুয়োটা প্ৰকল্পৰ সামূহিক ক্ষমতা হ’ব ২৫ মেগাৱাট। প্ৰকল্প দুটাত প্ৰথম পৰ্যায়ত কোম্পানীটোৱে ৪৫৫ কোটি টকা বিনিয়োগ কৰিব।
এই সন্দৰ্ভত অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ সচিব নন্দিতা দত্ত আৰু এয়াৰটেলৰ প্ৰিয়ংকা জৈনৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে কেৱল ডিজিটেল সেৱাৰ উপভোক্তা হৈ থকাৰ সলনি অসমে দেশৰ ডিজিটেল অৰ্থনীতিলৈ আন্তঃগাঁথনিগত অৱদান আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
পৰিকল্পনা অনুসৰি, যোৰহাটত প্ৰায় চাৰি একৰ মাটিত ১০ মেগাৱাট ক্ষমতাৰ ডাটা চেণ্টাৰটো নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত ২০০ কোটি টকা বিনিয়োগ কৰা হ’ব আৰু ইয়াৰ জৰিয়তে ১৬৪টা প্ৰত্যক্ষ কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
আনহাতে, শিলচৰত প্ৰায় পাঁচ একৰ মাটিত নিৰ্মাণ হ’বলগীয়া ১৫ মেগাৱাট ক্ষমতাৰ আনটো ডাটা চেণ্টাৰত ২৫৫ কোটি টকা ব্যয় কৰা হ’ব। এই কেন্দ্ৰটোৰ পৰা ১০০টা প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।
দুয়োটা প্ৰকল্পত ৪৫৫ কোটি টকা বিনিয়োগৰ বিপৰীতে মুঠ ২৬৪টা প্ৰত্যক্ষ পদ সৃষ্টি হ’ব। নিৰ্মাণ, অভিযান্ত্ৰিক, সুৰক্ষা আৰু আনুষংগিক বিভিন্ন সেৱাৰ ক্ষেত্ৰতো পৰোক্ষ কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত হ’ব বুলি চৰকাৰীভাৱে জনোৱা হৈছে।
উল্লেখ্য যে গুৱাহাটীৰ টেক চিটিত এমট্ৰনৰ পৰা লাভ কৰা দুই একৰ মাটিত এয়াৰটেলে ইতিমধ্যে ১৫ মেগাৱাট ক্ষমতাৰ আন এটা ডাটা চেণ্টাৰৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছে। ২৫০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পটো ২০২৮ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে।
যোৰহাট আৰু শিলচৰৰ এই নতুন প্ৰকল্প দুটা সম্পূৰ্ণ হ’লে গুৱাহাটীসহ তিনিখন চহৰত এয়াৰটেলৰ মুঠ ডাটা চেণ্টাৰ ক্ষমতা ৪০ মেগাৱাটলৈ বৃদ্ধি পাব। একে সময়তে ৰাজ্যখনত এই তিনিওটা প্ৰকল্পত মুঠ বিনিয়োগৰ পৰিমাণ হ’বগৈ প্ৰায় ৭০৫ কোটি টকা।
চুক্তি অনুসৰি ৰাজ্য চৰকাৰে প্ৰকল্প দুটাৰ বাবে ভূমি হস্তান্তৰ, প্ৰশাসনিক অনুমতি আৰু নীতিগত সকাহ প্ৰদান কৰিব। ভূমিৰ দখল লাভ কৰাৰ দুবছৰৰ ভিতৰত ডাটা চেণ্টাৰ দুটাৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে প্ৰতিষ্ঠানটোৱে। অৱশ্যে যোৰহাট আৰু শিলচৰৰ কোনবোৰ নিৰ্দিষ্ট স্থানত ভূমি আবণ্টন দিয়া হৈছে আৰু আনুষ্ঠানিক হস্তান্তৰ কেতিয়া সম্পূৰ্ণ হ’ব, সেই সন্দৰ্ভত কোনো তথ্য এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই।