বিশ্বৰ শক্তিশালী দেশে ভাৰতৰ উন্নতি নিবিচাৰে যদিও ভাৰতে শত্ৰু দেশকো সংকটৰ সময়ত সহায় কৰে বুলি মন্তব্য কৰে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে।
নতুন দিল্লী, ২৫ নৱেম্বৰ: বিশ্বৰ কোনো শক্তিশালী দেশে ভাৰতৰ উন্নতি নিবিচাৰে বুলি মন্তব্য কৰিছে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে।
ভাগৱতে কয় যে বিশ্বৰ শক্তিশালী দেশসমূহে ‘চাৰ্ভাইভেল অৱ দ্য ফিটেষ্ট’ নীতিৰে কাম কৰে।
আৰএছএছ প্ৰধানগৰাকীয়ে কয় যে সংকটৰ সময়ত চুবুৰীয়া দেশে ভাল নাপালেও ভাৰতে সদায় সহায়ৰ হাত আগবঢ়াই আহিছে।
ইয়াৰ উপৰিও বাংলাদেশে পোৱা সাহায্যৰ লগতে বানপানী আৰু ভূমিকম্পৰ সময়ত পাকিস্তানকো ভাৰতে সহায় আগবঢ়োৱা বুলি তেওঁ কয়।
newznow.in