নতুন দিল্লী, ২৫ নৱেম্বৰ: বিশ্বৰ কোনো শক্তিশালী দেশে ভাৰতৰ উন্নতি নিবিচাৰে বুলি মন্তব্য কৰিছে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে। মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজীনগৰত বুধবাৰে অনুষ্ঠিত পঞ্চম ‘পদ্মা ফেষ্টিভেল’ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি তেওঁ এই মন্তব্য কৰে। ভাগৱতে কয় যে বিশ্বৰ শক্তিশালী দেশসমূহে নিজৰ আধিপত্য বজাই ৰাখিবলৈ আন দেশসমূহক হেঁচাত ৰাখিব বিচাৰে, কিন্তু ভাৰতৰ চিন্তাধাৰা সম্পূৰ্ণ সুকীয়া। ভাৰতক ঘৃণা কৰা দেশকো সংকটৰ সময়ত ভাৰতে সহায়ৰ হাত আগবঢ়ায়।

ভাগৱতে কয় যে বিশ্বৰ শক্তিশালী দেশসমূহে ‘চাৰ্ভাইভেল অৱ দ্য ফিটেষ্ট’ নীতিৰে কাম কৰে। অৰ্থাৎ যাৰ শক্তি বেছি, সেই দেশেই আধিপত্য বজাই ৰাখিব পাৰে। ভাৰত আগবাঢ়িলে শক্তিশালী দেশসমূহৰ আধিপত্য হ্ৰাস পাব বুলি তেওঁলোকে ভাবে, কিয়নো ভাৰতে সকলোকে সহায় কৰিব বিচাৰে।

আৰএছএছ প্ৰধানগৰাকীয়ে কয় যে সংকটৰ সময়ত চুবুৰীয়া দেশে ভাল নাপালেও ভাৰতে সদায় সহায়ৰ হাত আগবঢ়াই আহিছে। উদাহৰণ হিচাপে তেওঁ মালদ্বীপৰ পানীৰ সংকটৰ সময়ত ভাৰতৰ সহায়, শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ সময়ত আগবঢ়োৱা সাহায্য আৰু নেপালৰ পৰিৱেশজনিত সমস্যাৰ সময়ত কৰা সহায়ৰ কথা উল্লেখ কৰে।

ইয়াৰ উপৰিও বাংলাদেশে পোৱা সাহায্যৰ লগতে বানপানী আৰু ভূমিকম্পৰ সময়ত পাকিস্তানকো ভাৰতে সহায় আগবঢ়োৱা বুলি তেওঁ কয়। শক্তিৰ ব্যৱহাৰ কেৱল দুৰ্বলক সুৰক্ষা প্ৰদান আৰু শান্তি প্ৰতিষ্ঠাৰ বাবেহে হ'ব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে।

দেশৰ নতুন প্ৰজন্মৰ সন্দৰ্ভতো অনুষ্ঠানত মন্তব্য কৰে মোহন ভাগৱতে। তেওঁ কয় যে বৰ্তমানৰ যুৱ প্ৰজন্ম দাসত্বৰ মানসিকতাৰ পৰা সম্পূৰ্ণ মুক্ত। যুৱ প্ৰজন্মই মিছা কথা পছন্দ নকৰে আৰু সঁচা কথা কোৱা লোকসকলৰ কাষত থিয় দি দেশখনক মহান কৰি গঢ়ি তুলিব বিচাৰে।

উক্ত অনুষ্ঠানত প্ৰাক্তন চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানো উপস্থিত থাকে। তেওঁ ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ লক্ষ্য পূৰণত যুৱ প্ৰজন্মৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব বুলি উল্লেখ কৰি এই দায়িত্ব সকলোৰে বুলি মন্তব্য কৰে।