ৰাহুল গান্ধীৰ নাম থকা ছ’চিয়েল মিডিয়া পোষ্টত বাধা আৰোপ কৰাৰ অভিযোগক লৈ কংগ্ৰেছ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ’ল মেটাৰ প্ৰতিনিধি দল।
নতুন দিল্লী, ২৫ নৱেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাম উল্লেখ থকা ছ’চিয়েল মিডিয়া পোষ্টত মেটাই বাধা আৰোপ কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।
কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে বৈঠকত তেওঁলোকৰ অভিযোগৰ সমৰ্থনত কিছু তথ্য-প্ৰমাণ দাখিল কৰে।
আনহাতে মেটাই নিজৰ স্থিতি স্পষ্ট কৰি জনায় যে প্ৰতিষ্ঠানটোৱে সম্পূৰ্ণ স্বচ্ছ নীতি আৰু ভাৰতীয় আইন অনুসৰি কাম কৰে।
অৱশ্যে ৰাহুল গান্ধীৰ নাম থকা পোষ্টত বাধা দিয়াৰ অভিযোগ সন্দৰ্ভত মেটাই কোনো নিৰ্দিষ্ট পোষ্ট বা একাউণ্টৰ বিষয়ে পৃথককৈ কোনো মন্তব্য কৰা নাই।
newznow.in