নতুন দিল্লী, ২৫ নৱেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাম উল্লেখ থকা ছ’চিয়েল মিডিয়া পোষ্টত মেটাই বাধা আৰোপ কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। এই অভিযোগক লৈ দুয়োপক্ষৰ মাজত সৃষ্টি হোৱা মতানৈক্যৰ মাজতে কোম্পানীটোৰ ৰাজহুৱা নীতি বিভাগৰ এটা দলে কংগ্ৰেছ নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হয়। মঙলবাৰে অনুষ্ঠিত এই বৈঠকত মেটাৰ বিষয়াসকলে সমল পৰ্যালোচনা আৰু প্লেটফৰ্মত কোনো পোষ্ট বা একাউণ্টৰ ওপৰত বাধা আৰোপ কৰাৰ প্ৰক্ৰিয়া সন্দৰ্ভত কংগ্ৰেছ প্ৰতিনিধিসকলক অৱগত কৰে। বৈঠকত কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফৰ্মৰ মুৰব্বী সুপ্ৰিয়া শ্ৰীনেতৰ লগতে যুৱ কংগ্ৰেছৰ নেতাসকল উপস্থিত থাকে।

কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে বৈঠকত তেওঁলোকৰ অভিযোগৰ সমৰ্থনত কিছু তথ্য-প্ৰমাণ দাখিল কৰে। ৰাহুল গান্ধীৰ নাম উল্লেখ থকা পোষ্টসমূহ মেটাৰ তৰফৰ পৰা ইচ্ছাকৃতভাৱে বাধাগ্ৰস্ত কৰা হৈছে বুলি দলটোৱে দাবী জনায়।

আনহাতে মেটাই নিজৰ স্থিতি স্পষ্ট কৰি জনায় যে প্ৰতিষ্ঠানটোৱে সম্পূৰ্ণ স্বচ্ছ নীতি আৰু ভাৰতীয় আইন অনুসৰি কাম কৰে। সকলো ৰাজনৈতিক দল তথা সমলৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট আৰু সমনীতি প্ৰয়োগ কৰা হয় বুলি বিষয়াসকলে প্ৰকাশ কৰে। তদুপৰি তথ্য-প্ৰযুক্তিৰ নিয়ম অনুসৰি কিছুমান নিৰ্দিষ্ট সমল প্লেটফৰ্মত প্ৰকাশ, আপলোড বা শ্বেয়াৰ কৰাৰ অনুমতি নাই বুলিও স্পষ্ট কৰি দিয়া হয়। বৈঠকত মেটাৰ বিষয়াসকলে কোম্পানীটোৰ কৰ্মচাৰীসকলক উদ্দেশ্যি কৰা আক্ৰমণ আৰু কাৰ্যালয়ৰ বাহিৰত চলি থকা প্ৰতিবাদক লৈ উদ্বেগ প্ৰকাশ কৰে। উল্লেখ্য যে, ২০ নৱেম্বৰৰ পৰা যুৱ কংগ্ৰেছৰ কৰ্মীসকলে গুৰুগ্ৰাম, হায়দৰাবাদ আৰু মুম্বাইত মেটাৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ইনষ্টাগ্ৰামৰ নিলম্বিত একাউণ্টসমূহ পুনৰ সক্ৰিয় কৰা আৰু বাধা আঁতৰোৱাৰ দাবীত যুৱ কংগ্ৰেছে প্ৰতিষ্ঠানটোক সাত দিনৰ সময়সীমাও বান্ধি দিছে।

অৱশ্যে ৰাহুল গান্ধীৰ নাম থকা পোষ্টত বাধা দিয়াৰ অভিযোগ সন্দৰ্ভত মেটাই কোনো নিৰ্দিষ্ট পোষ্ট বা একাউণ্টৰ বিষয়ে পৃথককৈ কোনো মন্তব্য কৰা নাই।