কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ লক্ষ্ণৌত অনুষ্ঠিত হ’বলগীয়া ‘সংবিধান ৰক্ষা মাৰ্চ’ৰ অনুমতি নাকচ কৰিলে লক্ষ্ণৌ আৰক্ষীয়ে।
লক্ষ্ণৌ, ২৫ নৱেম্বৰ: কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ লক্ষ্ণৌ ভ্ৰমণৰ পূৰ্বে দলটোৱে প্ৰস্তুতি চলোৱা ‘সংবিধান ৰক্ষা মাৰ্চ’ৰ অনুমতি প্ৰত্যাখ্যান কৰিছে লক্ষ্ণৌ আৰক্ষীয়ে।
পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, দলীয় কাৰ্যালয়ত মল্লিকাৰ্জুন খৰ্গেই ভাষণ দিয়াৰ পাছত সংবিধানৰ প্ৰস্তাৱনাৰ শপত গ্ৰহণ কৰি মহাত্মা গান্ধীৰ চিতাভস্মৰ কলহ লৈ লোকভৱনৰ দিশে আগবঢ়াৰ কথা আছিল।
সমদলৰ অনুমতি নোপোৱাত উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভানেত্ৰী আৰাধনা মিশ্ৰ ‘মোনা’ই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।
আৰক্ষীয়ে অনুমতি নিদিয়াৰ পাছত কংগ্ৰেছে কাৰ্যসূচী দলীয় কাৰ্যালয়ৰ চৌহদৰ ভিতৰতে সীমাবদ্ধ ৰখাৰ সিদ্ধান্ত লৈছে।
newznow.in