লক্ষ্ণৌ, ২৫ নৱেম্বৰ: কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ লক্ষ্ণৌ ভ্ৰমণৰ পূৰ্বে দলটোৱে প্ৰস্তুতি চলোৱা ‘সংবিধান ৰক্ষা মাৰ্চ’ৰ অনুমতি প্ৰত্যাখ্যান কৰিছে লক্ষ্ণৌ আৰক্ষীয়ে। ২৬ নৱেম্বৰত সংবিধান দিৱস উপলক্ষে কংগ্ৰেছে এই সমদল উলিওৱাৰ আয়োজন কৰিছিল। অৱশ্যে নিৰ্ধাৰিত স্থানত দলীয় সভা অনুষ্ঠিত কৰিবলৈ প্ৰশাসনে অনুমতি প্ৰদান কৰিছে। কংগ্ৰেছৰ পৰিকল্পনা অনুসৰি, দলটোৰ উত্তৰ প্ৰদেশ ৰাজ্যিক কাৰ্যালয়ৰ পৰা লোকভৱনলৈ এই পদযাত্ৰা উলিওৱাৰ কথা আছিল। এই কাৰ্যসূচীত মহাত্মা গান্ধীৰ চিতাভস্মৰ কলহো অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছিল। লক্ষ্ণৌৰ আৰক্ষী আয়ুক্ত তৰুণ গাবাই মাৰ্চৰ অনুমতি নিদিয়াৰ কথা নিশ্চিত কৰিছে। তেওঁ জনায় যে কংগ্ৰেছক কোনো ধৰণৰ সমদল উলিওৱাৰ অনুমতি দিয়া হোৱা নাই, কেৱল নিৰ্ধাৰিত স্থানত সভা অনুষ্ঠিত কৰিবলৈহে দিয়া হৈছে।
পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, দলীয় কাৰ্যালয়ত মল্লিকাৰ্জুন খৰ্গেই ভাষণ দিয়াৰ পাছত সংবিধানৰ প্ৰস্তাৱনাৰ শপত গ্ৰহণ কৰি মহাত্মা গান্ধীৰ চিতাভস্মৰ কলহ লৈ লোকভৱনৰ দিশে আগবঢ়াৰ কথা আছিল।
সমদলৰ অনুমতি নোপোৱাত উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভানেত্ৰী আৰাধনা মিশ্ৰ ‘মোনা’ই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। বিজেপি চৰকাৰৰ নিৰ্দেশত স্থানীয় প্ৰশাসনে এই অনুমতি প্ৰদান কৰা নাই বুলি তেওঁ অভিযোগ তোলে। অৱশ্যে সংবিধান আৰু গণতান্ত্ৰিক মূল্যবোধ ৰক্ষাৰ সংকল্পৰ পৰা কংগ্ৰেছ আঁতৰি নাযায় বুলিও তেওঁ মন্তব্য কৰে।
আৰক্ষীয়ে অনুমতি নিদিয়াৰ পাছত কংগ্ৰেছে কাৰ্যসূচী দলীয় কাৰ্যালয়ৰ চৌহদৰ ভিতৰতে সীমাবদ্ধ ৰখাৰ সিদ্ধান্ত লৈছে। তাত ‘সংবিধান ৰক্ষা সন্মিলন’ অনুষ্ঠিত কৰা হ’ব আৰু মল্লিকাৰ্জুন খৰ্গেই কাৰ্যসূচীত অংশ লৈ সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰোৱাব।
ইপিনে, লক্ষ্ণৌৰ আম্বেদকাৰ পাৰ্কত আছাদুদ্দিন ওৱেইছি আৰু চন্দ্ৰশেখৰ আজাদৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া আন এখন সভাৰ বাবে প্ৰশাসনে অনুমতি প্ৰদান কৰা বুলি জানিব পৰা গৈছে।