মহিলাক প্ৰৱঞ্চনা কৰাৰ অভিযোগত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ ২৪ ঘণ্টাৰ ভিতৰত পদত্যাগ দাবী কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছে।
গুৱাহাটী, ২৫ নৱেম্বৰ: অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ ৰাজ্য চৰকাৰ আৰু শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছে।
সংবাদমেলত বিজেপি মহিলা মৰ্চাৰ ভূমিকাক লৈও প্ৰশ্ন তোলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকো প্ৰশ্নবাণেৰে থকা-সৰকা কৰে মীৰা বৰঠাকুৰে।
বৰঠাকুৰে জানিবলৈ দিয়ে যে মঙলবাৰে নিশা মুখ্যমন্ত্ৰীৰ লগতে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকালৈ ই-মেইল আৰু হোৱাটছএপযোগে পত্ৰ প্ৰেৰণ কৰা হৈছে।
newznow.in