গুৱাহাটী, ২৫ নৱেম্বৰ: অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ ৰাজ্য চৰকাৰ আৰু শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছে। বুধবাৰে গুৱাহাটীত আয়োজিত এক সংবাদমেলত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে উপাধ্যক্ষগৰাকীক ২৪ ঘণ্টাৰ ভিতৰত বিধানসভাৰ উপাধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনায়। বৰঠাকুৰে কয় যে মহিলাক প্ৰৱঞ্চনা কৰাৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিৰ বিধানসভাৰ উপাধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ সাংবিধানিক পদত অধিষ্ঠিত হৈ থকাৰ কোনো নৈতিক অধিকাৰ নাই। বিষয়টো সন্দৰ্ভত অসম আৰক্ষীক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো তেওঁ আহ্বান জনায়।

সংবাদমেলত বিজেপি মহিলা মৰ্চাৰ ভূমিকাক লৈও প্ৰশ্ন তোলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। মণিপুৰত মহিলাক উলংগ কৰি পেৰেড কৰোৱাৰ ঘটনা, ইন্দ্ৰাণী তহবিলদাৰ, জোনালী নাথ, জোনমণি ৰাভা আৰু চচলত উলংগ প্ৰতিবাদ কৰা মহিলাৰ প্ৰসংগ উল্লেখ কৰি মহিলা মৰ্চাৰ মৌনতাক সমালোচনা কৰে বৰঠাকুৰে। তেওঁ মহিলা মৰ্চাক ‘পাপেট’ বুলি কটাক্ষ কৰি সোধে যে এতিয়া তেওঁলোকে ডাঃ হাবে টেৰণৰ পদত্যাগ দাবী কৰিবনে নকৰে।

মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকো প্ৰশ্নবাণেৰে থকা-সৰকা কৰে মীৰা বৰঠাকুৰে। ইউনিফৰ্ম চিভিল ক’ড আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সোচ্চাৰ হোৱা মুখ্যমন্ত্ৰীয়ে এই ঘটনাত অভিযোগকাৰী মহিলাগৰাকীক ন্যায় প্ৰদানৰ বাবে কি পদক্ষেপ লয়, সেয়া স্পষ্ট কৰিবলৈ তেওঁ আহ্বান জনায়। ইফালে, বিজেপিত কোনো বেয়া ব্যক্তি থাকিব নোৱাৰে বুলি কৰা মন্তব্যৰ আলম লৈ ডাঃ হাবে টেৰণ প্ৰকৃত বিজেপি নে ভেজাল বিজেপি, সেয়া সভাপতিগৰাকীয়ে স্পষ্ট কৰা উচিত বুলি মন্তব্য কৰে। এই প্ৰসংগত ডিফুৰ ইংলেং নামৰ এজন ব্যক্তি আৰু আন এজন নেতাৰ ভাইৰেল ভিডিঅ’ৰ কথাও তেওঁ উল্লেখ কৰে।

বৰঠাকুৰে জানিবলৈ দিয়ে যে মঙলবাৰে নিশা মুখ্যমন্ত্ৰীৰ লগতে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকালৈ ই-মেইল আৰু হোৱাটছএপযোগে পত্ৰ প্ৰেৰণ কৰা হৈছে। প্ৰয়োজন সাপেক্ষে পত্ৰৰ ছপা প্ৰতিলিপি কুৰিয়াৰযোগেও প্ৰেৰণ কৰা হ’ব। লগতে মহিলা আয়োগৰ কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি আৰু অভিযোগকাৰীৰ নিৰাপত্তাক লৈও তেওঁ উদ্বেগ প্ৰকাশ কৰে।

আইন প্ৰণেতাই আইন ভংগৰ অভিযোগৰ সন্মুখীন হোৱাটো গুৰুতৰ বিষয় বুলি উল্লেখ কৰি টেৰণক পদৰ পৰা অপসাৰণ কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায় কংগ্ৰেছে। লগতে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ৰাজনৈতিক সীমাৰ ঊৰ্ধ্বত সকলোকে একগোট হ’বলৈ আৰু শিশুকালৰ পৰাই ল’ৰা সন্তানক নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ শিক্ষা দিবলৈকো তেওঁ আহ্বান জনায়।