টীয়কত বান নিয়ন্ত্ৰণৰ নামত ৭,৫৯৮ বিঘা কৃষিভূমি খননৰ বিৰুদ্ধে চলা গণ সত্যাগ্ৰহলৈ সমৰ্থন আগবঢ়াইছে বিৰোধী দল কংগ্ৰেছে।
টীয়ক, ২৫ নৱেম্বৰ: ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণৰ নামত টীয়কৰ ৭,৫৯৮ বিঘা কৃষিভূমি, গো-চৰণীয়া পথাৰ আৰু জলাশয় খনন কৰি ধ্বংস কৰাৰ আশংকা প্ৰকাশ কৰি অঞ্চলটোত অব্যাহত আছে এক গণ সত্যাগ্ৰহ।
বান নিষ্কাশন নলা খনন দাবী সমিতি, টীয়কৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।
সমিতিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে যে তেওঁলোকে বানপানী নিয়ন্ত্ৰণৰ বিৰোধিতা কৰা নাই।
ৰাজনৈতিক আৰু সামাজিক নেতৃত্বৰ উপস্থিতিয়ে এই গণতান্ত্ৰিক সংগ্ৰামক অধিক শক্তিশালী কৰি তুলিছে বুলি সমিতিয়ে প্ৰকাশ কৰে।
newznow.in