টীয়ক, ২৫ নৱেম্বৰ: ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণৰ নামত টীয়কৰ ৭,৫৯৮ বিঘা কৃষিভূমি, গো-চৰণীয়া পথাৰ আৰু জলাশয় খনন কৰি ধ্বংস কৰাৰ আশংকা প্ৰকাশ কৰি অঞ্চলটোত অব্যাহত আছে এক গণ সত্যাগ্ৰহ। কৃষক ৰাইজৰ এই প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে বিৰোধী দল কংগ্ৰেছৰ নেতৃত্বই। বুধবাৰে সত্যাগ্ৰহস্থলীত উপস্থিত হয় অসম বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছ নেত্ৰী পল্লৱী শইকীয়া গগৈসহ দলটোৰ কেবাগৰাকীও নেতা-কৰ্মী। নেতাসকলে আন্দোলনকাৰী কৃষকসকলৰ সৈতে একাত্মতা প্ৰকাশ কৰি তেওঁলোকৰ যুক্তিসংগত দাবীক পূৰ্ণ সমৰ্থন জনায়।
বান নিষ্কাশন নলা খনন দাবী সমিতি, টীয়কৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। সমিতিৰ মতে, বান নিয়ন্ত্ৰণৰ নামত এনেদৰে বৃহৎ এলেকা জুৰি খনন কাৰ্য চলালে অঞ্চলটোৰ কৃষিভূমি, জলাশয় আৰু গো-চৰণীয়া পথাৰৰ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হ'ব। ইয়াৰ ফলত স্থানীয় কৃষক, পশুপালক আৰু মৎস্যজীৱীসকলৰ জীৱন-জীৱিকা গভীৰ সংকটত পৰিব।
সমিতিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে যে তেওঁলোকে বানপানী নিয়ন্ত্ৰণৰ বিৰোধিতা কৰা নাই। তাৰ পৰিৱৰ্তে বিজ্ঞানসন্মত, পৰিৱেশ-অনুকূল আৰু কৃষকৰ স্বাৰ্থ ৰক্ষা পৰা এক স্থায়ী বান ব্যৱস্থাপনাৰহে পোষকতা কৰিছে। স্থানীয় ৰাইজৰ মতামত আৰু স্বচ্ছতা অবিহনে ৭,৫৯৮ বিঘা ভূমিত এনে বৃহৎ খনন কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি সমিতিয়ে স্পষ্ট কৰি দিয়ে।
ৰাজনৈতিক আৰু সামাজিক নেতৃত্বৰ উপস্থিতিয়ে এই গণতান্ত্ৰিক সংগ্ৰামক অধিক শক্তিশালী কৰি তুলিছে বুলি সমিতিয়ে প্ৰকাশ কৰে। দল-মত নিৰ্বিশেষে টীয়কৰ কৃষকৰ জীৱন-জীৱিকা, ভূমিৰ অধিকাৰ আৰু প্ৰাকৃতিক সম্পদ ৰক্ষাৰ স্বাৰ্থত সকলো পক্ষকে দায়িত্বশীল ভূমিকা পালন কৰিবলৈ প্ৰতিবাদকাৰীসকলে আহ্বান জনায়।