ওড়িশাৰ ঝাৰছুগুড়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
ঝাৰছুগুড়া, ২৫ নৱেম্বৰ: ওড়িশাৰ ঝাৰছুগুড়া জিলাৰ এখন জৱাহৰ নৱোদয় বিদ্যালয়ত দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে।
আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ অভিযোগৰ লগতে ঘটনাৰ বিভিন্ন দিশ খবৰ লৈ পৰীক্ষা চলাই আছে।
ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা আৰু পকচো (POCSO) আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
বুধবাৰে পোহৰলৈ অহা এই ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে অধ্যক্ষৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।
newznow.in