ঝাৰছুগুড়া, ২৫ নৱেম্বৰ: ওড়িশাৰ ঝাৰছুগুড়া জিলাৰ এখন জৱাহৰ নৱোদয় বিদ্যালয়ত দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে। ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা আৰু পকচো (POCSO) আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। বুধবাৰে পোহৰলৈ অহা এই ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে অধ্যক্ষৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। ইয়াৰ পাছতে ঝাৰছুগুড়া সদৰ আৰক্ষী থানাত এক এজাহাৰ পঞ্জীয়ন কৰা হয়। ঝাৰছুগুড়াৰ আৰক্ষী অধীক্ষক সোনালী সিং পাৰমাৰে জানিবলৈ দিয়া মতে, জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ পৰা অধ্যক্ষৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ লাভ কৰা হৈছে। এই অভিযোগৰ ভিত্তিত যাৱতীয় আইনী পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু ঘটনাৰ তদন্ত চলি আছে বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।

আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ অভিযোগৰ লগতে ঘটনাৰ বিভিন্ন দিশ খবৰ লৈ পৰীক্ষা চলাই আছে। অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো বিস্তৃত তথ্য প্ৰকাশ কৰা নাই আৰু অভিযুক্ত অধ্যক্ষগৰাকীৰ মন্তব্যও পোহৰলৈ অহা নাই। সম্পূৰ্ণ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব।