উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাৰ ষড়যন্ত্ৰৰ গোচৰত অভিযুক্ত উমৰ খালিদ আৰু শাৰ্জিল ইমামক বৰ্তমানৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান নকৰিলে উচ্চতম ন্যায়ালয়ে।
নতুন দিল্লী, ২৫ নৱেম্বৰ: ২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাৰ ষড়যন্ত্ৰৰ গোচৰত অভিযুক্ত উমৰ খালিদ আৰু শাৰ্জিল ইমামক বৰ্তমানৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে…
শুনানিৰ সময়ত উমৰ খালিদৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বল আৰু শাৰ্জিল ইমামৰ হৈ জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ দৱেই অন্তৱৰ্তীকালীন সকাহৰ বাবে আদালতত যুক্তি দাঙি ধৰে।
ইয়াৰ উপৰি গোচৰটো বিবেচনাৰ বাবে তিনিজনীয়া বিচাৰপীঠ গঠনৰ উদ্দেশ্যে প্ৰশাসনিক পৰ্যায়ত মুখ্য ন্যায়াধীশৰ ওচৰলৈ প্ৰেৰণ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।
২০১৯ চনৰ নাগৰিকত্ব সংশোধনী আইন (কা) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনআৰচি)ৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক কেন্দ্ৰ কৰি ২০২০ চনৰ ফেব্ৰুৱাৰীত উত্তৰ-পূব দিল্লীত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।
newznow.in