নতুন দিল্লী, ২৫ নৱেম্বৰ: ২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাৰ ষড়যন্ত্ৰৰ গোচৰত অভিযুক্ত উমৰ খালিদ আৰু শাৰ্জিল ইমামক বৰ্তমানৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। বুধবাৰে জামিন আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰি বিচাৰপীঠে স্পষ্টকৈ জনায় যে এই মুহূৰ্তত অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰা নহয়। একে সময়তে দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰি জাননী জাৰি কৰিছে আদালতে। ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মহনাৰ তিনিজনীয়া বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰে। দিল্লী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উমৰ খালিদ আৰু শাৰ্জিল ইমামে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

শুনানিৰ সময়ত উমৰ খালিদৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বল আৰু শাৰ্জিল ইমামৰ হৈ জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ দৱেই অন্তৱৰ্তীকালীন সকাহৰ বাবে আদালতত যুক্তি দাঙি ধৰে। দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকাৰ বিষয়টোও তেওঁলোকে আদালতৰ দৃষ্টিগোচৰ কৰে। কিন্তু বিচাৰপীঠে এই আবেদন তৎক্ষণাৎ গ্ৰহণ নকৰি প্ৰথমে দিল্লী আৰক্ষীৰ বক্তব্য শুনা হ’ব বুলি জনায়। আদালতে দিল্লী আৰক্ষীক জাননী জাৰি কৰি উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আৰক্ষীৰ বক্তব্য লাভ কৰাৰ পাছতহে অন্তৱৰ্তীকালীন জামিনৰ আবেদন বিবেচনা কৰা হ’ব বুলি আদালতে স্পষ্ট কৰি দিয়ে।

ইয়াৰ উপৰি গোচৰটো বিবেচনাৰ বাবে তিনিজনীয়া বিচাৰপীঠ গঠনৰ উদ্দেশ্যে প্ৰশাসনিক পৰ্যায়ত মুখ্য ন্যায়াধীশৰ ওচৰলৈ প্ৰেৰণ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। আবেদনকাৰীসকলে আদালতত যুক্তি দিছিল যে চৰকাৰী পক্ষই এতিয়াও সুৰক্ষিত সাক্ষীসকলক পৰীক্ষা কৰা নাই আৰু উচ্চতম ন্যায়ালয়ে পূৰ্বে আৰোপ কৰা এবছৰীয়া নিষেধাজ্ঞাৰ সময়সীমা শেষ হোৱাৰ ওচৰ চাপিছে।

২০১৯ চনৰ নাগৰিকত্ব সংশোধনী আইন (কা) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনআৰচি)ৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক কেন্দ্ৰ কৰি ২০২০ চনৰ ফেব্ৰুৱাৰীত উত্তৰ-পূব দিল্লীত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। সেই ঘটনাৰ আঁৰত বৃহত্তৰ ষড়যন্ত্ৰৰ অভিযোগত ইউএপিএ আইনৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰতে শাৰ্জিল ইমামক ২০২০ চনৰ ২৫ আগষ্টত আৰু উমৰ খালিদক ২০২০ চনৰ ১৩ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল।