গুৱাহাটীৰ পৰা শিৱসাগৰলৈ আনি থকা ঘনকান্ত গগৈয়ে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতে এনকাউণ্টাৰ সংঘটিত হয়।
শিৱসাগৰ: গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ঘনকান্ত গগৈক আনি থকা অৱস্থাতে আৰক্ষীৰ সৈতে সংঘটিত এনকাউণ্টাৰত তেওঁৰ মৃত্যু হৈছে।
পুৱতি নিশা প্ৰায় ৩.১০ বজাত শিৱসাগৰৰ ফুলপানী চিগাৰ ৰংমন ধাবাৰ সমীপত এই ঘটনা সংঘটিত হয়।
ঘনকান্ত গগৈৰ শৰীৰত এটা গুলী লাগে।
এই ঘটনাত শিৱসাগৰ নগৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাও আহত হৈছে।
newznow.in