শিৱসাগৰ: গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ঘনকান্ত গগৈক আনি থকা অৱস্থাতে আৰক্ষীৰ সৈতে সংঘটিত এনকাউণ্টাৰত তেওঁৰ মৃত্যু হৈছে।

পুৱতি নিশা প্ৰায় ৩.১০ বজাত শিৱসাগৰৰ ফুলপানী চিগাৰ ৰংমন ধাবাৰ সমীপত এই ঘটনা সংঘটিত হয়। আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল ঘনকান্ত গগৈয়ে।

ঘনকান্ত গগৈৰ শৰীৰত এটা গুলী লাগে। গুলী লগাৰ পিছত তেওঁৰ মৃত্যু হয়।

এই ঘটনাত শিৱসাগৰ নগৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাও আহত হৈছে।

শিৱসাগৰ সদৰ থানাত ৰুজু হৈ থকা ১০৮/২০২৪ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ঘনকান্ত গগৈক গুৱাহাটীৰ পৰা শিৱসাগৰলৈ লৈ আহিছিল।