কামৰূপৰ ছমৰীয়াৰ ১নং মালিবাৰীৰ ধামাপাৰা গাঁৱত যোৱা নিশা অগ্নিকাণ্ড সংঘটিত হৈ দুটা বাসগৃহ ক্ষতিগ্ৰস্ত হয়।
কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ১নং মালিবাৰীৰ ধামাপাৰা গাঁৱত যোৱা নিশা প্ৰায় ১১ বজাত অগ্নিকাণ্ডৰ ঘটনা ঘটে।
নিশা পৰিয়ালৰ সদস্যসকল শুই থকা অৱস্থাত ঘৰ দুটাত জুই লাগে।
ঘটনাৰ পাছত পৰিয়ালটো গৃহহীন হৈ পৰিছে।
গাঁওখনৰ বাসিন্দা বাদশ্বাহ মিঞাৰ দুটা বাসগৃহ এই জুইত ভস্মীভূত হয়।
newznow.in