কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ১নং মালিবাৰীৰ ধামাপাৰা গাঁৱত যোৱা নিশা প্ৰায় ১১ বজাত অগ্নিকাণ্ডৰ ঘটনা ঘটে। গাঁওখনৰ বাসিন্দা বাদশ্বাহ মিঞাৰ দুটা বাসগৃহ এই জুইত ভস্মীভূত হয়। স্থানীয় সূত্ৰৰ মতে, বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল।
নিশা পৰিয়ালৰ সদস্যসকল শুই থকা অৱস্থাত ঘৰ দুটাত জুই লাগে। ফলত ঘৰৰ ভিতৰত থকা সম্পত্তি, নথিপত্ৰ, আচবাব আৰু খাদ্য-সামগ্ৰী নষ্ট হয়। স্থানীয় লোকে জুই নুমুৱাবলৈ চেষ্টা চলাইছিল যদিও ঘৰৰ সামগ্ৰী উদ্ধাৰ কৰিব পৰা নগ’ল। এই ঘটনাত কোনো ব্যক্তি হতাহত হোৱা নাই।
ঘটনাৰ পাছত পৰিয়ালটো গৃহহীন হৈ পৰিছে। স্থানীয় ৰাইজে ক্ষতিগ্ৰস্ত পৰিয়ালটোক আৰ্থিক সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰ তথা সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক আহ্বান জনাইছে।