নগাঁও, ২৬ নৱেম্বৰঃ এসময়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াত নিজৰ ভেটি-মাটি হেৰুৱাইছিল বহু খিলঞ্জীয়া পৰিয়ালে।
উল্লেখ্য যে, ১৯৫০ চনৰ পাছৰে পৰা ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াই অঞ্চলটোৰ বহু পৰিয়ালক নিজৰ ভেটি-মাটি আৰু পৈতৃক সম্পত্তি হেৰুৱাবলৈ বাধ্য কৰিছিল।
দীৰ্ঘদিন ধৰি হেৰাই যোৱা বুলি ভবা ভূমি পুনৰ ওলাই অহাৰ পাছত এতিয়া সেই মাটিৰ অধিকাৰ লাভৰ আশাত বাট চাইছে পৰিয়ালসমূহে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সহায়ৰ আহ্বান জনাইছে তেওঁলোকে।
এতিয়া প্ৰশ্ন হৈছে, ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ ওলাই অহা এই ৩৭২ বিঘা ভূমিৰ ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে আৰু প্ৰকৃত ভূমিৰ অধিকাৰীসকলে নিজৰ পৈতৃক ভূমি ঘূৰাই পোৱাৰ সুযোগ লাভ কৰে নে নকৰে।
newznow.in