নগাঁও, ২৬ নৱেম্বৰঃ এসময়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াত নিজৰ ভেটি-মাটি হেৰুৱাইছিল বহু খিলঞ্জীয়া পৰিয়ালে। নদীৰ বুকুত বিলীন হৈ যোৱা সেই আপোন গাঁৱৰ ভূমি এতিয়া পাঁচ দশকৰো অধিক কালৰ পাছত পুনৰ চাপৰি হিচাপে ওলাই অহাত আনন্দ আৰু আশাৰে উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ ভূমিহীন পৰিয়ালসমূহ। নগাঁও জিলাৰ বৰবিল কছাৰীবৰীত ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰায় ৩৭২ বিঘা ভূমি পুনৰ ওলাই আহিছে। এসময়ত গৰাখহনীয়াই নিঃশেষ কৰি পেলোৱা গাঁওখনৰ বৃহৎ অংশ চাপৰি হিচাপে পুনৰ দৃশ্যমান হোৱাত স্থানীয় খিলঞ্জীয়া লোকসকলৰ মাজত আনন্দৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, ১৯৫০ চনৰ পাছৰে পৰা ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াই অঞ্চলটোৰ বহু পৰিয়ালক নিজৰ ভেটি-মাটি আৰু পৈতৃক সম্পত্তি হেৰুৱাবলৈ বাধ্য কৰিছিল। নদীৰ বুকুত ঘৰ-বাৰী আৰু আপোন গাঁওখন জাহ যোৱাৰ পাছত বহু পৰিয়ালে মৈৰাবাৰীকে ধৰি বিভিন্ন অঞ্চলত আশ্ৰয় গ্ৰহণ কৰিছিল। সময়ৰ সোঁতত জন্মভূমিৰ পৰা বিচ্ছিন্ন হৈ পৰা এই পৰিয়ালসমূহৰ বাবে নিজৰ গাঁৱৰ ভূমি পুনৰ দেখা পোৱাটো এক আৱেগিক মুহূৰ্ত হৈ পৰিছে।

দীৰ্ঘদিন ধৰি হেৰাই যোৱা বুলি ভবা ভূমি পুনৰ ওলাই অহাৰ পাছত এতিয়া সেই মাটিৰ অধিকাৰ লাভৰ আশাত বাট চাইছে পৰিয়ালসমূহে। তেওঁলোকৰ দাবী, চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি প্ৰকৃত ভূমিপুত্ৰসকলক নিজৰ হেৰাই যোৱা ভূমি পুনৰ লাভ কৰাত সহায় কৰিব লাগে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সহায়ৰ আহ্বান জনাইছে তেওঁলোকে। ব্ৰহ্মপুত্ৰই যেতিয়া পাঁচ দশকৰো অধিক কালৰ পাছত তেওঁলোকৰ হেৰাই যোৱা ভূমি পুনৰ উলিয়াই দিছে, তেন্তে চৰকাৰেও এই পৰিয়ালসমূহৰ কাষত থিয় দি প্ৰয়োজনীয় সহায় আগবঢ়াব লাগে বুলি আশা প্ৰকাশ কৰিছে।

এতিয়া প্ৰশ্ন হৈছে, ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ ওলাই অহা এই ৩৭২ বিঘা ভূমিৰ ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে আৰু প্ৰকৃত ভূমিৰ অধিকাৰীসকলে নিজৰ পৈতৃক ভূমি ঘূৰাই পোৱাৰ সুযোগ লাভ কৰে নে নকৰে।