APSC নিযুক্তি কেলেংকাৰিৰ গোচৰত দোষী সাব্যস্ত হোৱা প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে।
APSC নিযুক্তি কেলেংকাৰি: ৰাকেশ পালক অন্তৱৰ্তীকালীন জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত দোষী সাব্যস্ত হোৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে।
আদালতৰ নিৰ্দেশ অনুসৰি, ২০২৭ চনৰ ২৮ ফেব্ৰুৱাৰীলৈকে অথবা মূল আপীলৰ নিষ্পত্তি নোহোৱালৈকে—যিটো আগতে হয়—এই জামিন বাহাল থাকিব।
আদালতে ৰাকেশ পালক ১ লাখ টকাৰ বণ্ড আৰু সমপৰিমাণৰ ধনৰ তিনিজন জামিনদাৰ দিয়াৰ চৰ্তত জামিন প্ৰদান কৰিছে।
newznow.in