২৬ নৱেম্বৰ, ২০২৬

APSC নিযুক্তি কেলেংকাৰি: ৰাকেশ পালক অন্তৱৰ্তীকালীন জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত দোষী সাব্যস্ত হোৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে। ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে।

আদালতৰ নিৰ্দেশ অনুসৰি, ২০২৭ চনৰ ২৮ ফেব্ৰুৱাৰীলৈকে অথবা মূল আপীলৰ নিষ্পত্তি নোহোৱালৈকে—যিটো আগতে হয়—এই জামিন বাহাল থাকিব। এই সময়ছোৱাত বিচাৰ আদালতে তেওঁক বিহা ১৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি স্থগিত ৰখা হৈছে।

জামিনৰ বাবে কেইবাটাও কঠোৰ চৰ্ত আৰোপ

আদালতে ৰাকেশ পালক ১ লাখ টকাৰ বণ্ড আৰু সমপৰিমাণৰ ধনৰ তিনিজন জামিনদাৰ দিয়াৰ চৰ্তত জামিন প্ৰদান কৰিছে। জামিনদাৰসকলৰ ভিতৰত অন্ততঃ এজনৰ বিচাৰ আদালতৰ এলেকাৰ ভিতৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব বুলি স্পষ্ট কৰি দিয়া হৈছে।

ইয়াৰ উপৰি, আদালতৰ আগতীয়া অনুমতি অবিহনে তেওঁ বিচাৰ আদালতৰ ভৌগোলিক এলেকা ত্যাগ কৰিব নোৱাৰিব। নিজৰ পাছপ’ৰ্ট আদালতত জমা দিয়াৰ লগতে তেওঁ থাকিবলগীয়া ঠিকনা আৰু যোগাযোগৰ ফোন নম্বৰ আদালতক জনোৱাটো বাধ্যতামূলক কৰা হৈছে।

ৰাকেশ পালৰ পত্নীৰ দুয়োটা বৃক্ক বিকল হৈ গুৰুতৰভাৱে অসুস্থ হৈ থকা আৰু চিকিৎসকে বৃক্ক সংৰোপণৰ পৰামৰ্শ দিয়াৰ বিষয়টো জামিন আবেদনত উল্লেখ কৰা হৈছিল। একে সময়তে ৰাকেশ পালে ইতিমধ্যে আঠ বছৰতকৈ অধিক সময় কাৰাগাৰত কটোৱা আৰু মূল আপীলৰ শুনানিত পলম হোৱাৰ সম্ভাৱনাৰ দিশটোও আদালতে বিবেচনা কৰে।

২০১৪ চনৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰত ২০২৪ চনৰ জুলাই মাহত গুৱাহাটীৰ বিশেষ আদালতে ৰাকেশ পালক দোষী সাব্যস্ত কৰিছিল। আদালতে তেওঁক ১৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকাৰ জৰিমনা বিহিছিল।

উল্লেখ্য যে, ২০১৬ চনত ডিব্ৰুগড়ত উৎকোচ লোৱাৰ অভিযোগত অভিযন্তা নবকান্ত পাতিৰ গ্ৰেপ্তাৰ হোৱাৰ পিছতে এপিএছচি নিযুক্তি কেলেংকাৰিৰ তদন্ত আৰম্ভ হৈছিল। সেই তদন্তৰ ভিত্তিতে ২০১৬ চনৰ ৪ নৱেম্বৰত আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী তদন্তত আয়োগৰ বিভিন্ন পদৰ নিযুক্তিৰ ক্ষেত্ৰত ধনৰ বিনিময়ত অনিয়ম আৰু উত্তৰবহী জালিয়াতিৰ তথ্য পোহৰলৈ আহে।