৩.০৮ কোটি টকাৰ আয় বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগত লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে গুৱাহাটীৰ বিশেষ আদালতত চাৰ্জশ্বীট দাখিল কৰিলে ইডিয়ে।
গুৱাহাটী, ২৬ নৱেম্বৰ: অসম লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা মহম্মদ ছামেদ আলী আৰু তেওঁৰ পত্নী পাৰবীন চুলতানাৰ বিৰুদ্ধে ধন সৰবৰাহৰ অভিযোগত বিশেষ আদালতত চাৰ্জশ্বীট দাখিল কৰিছে…
যোৱা ২১ নৱেম্বৰত গুৱাহাটীৰ ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ বিশেষ আদালতত এই চাৰ্জশ্বীট দাখিল কৰা হয়।
অভিযুক্ত অভিযন্তাগৰাকীৰ পত্নী পাৰবীন চুলতানাৰ বিৰুদ্ধেও ধন সৰবৰাহত সহযোগ কৰাৰ অভিযোগ আনিছে তদন্তকাৰী সংস্থাটোৱে।
ইয়াৰ পূৰ্বে ২০২৪ চনৰ ৪ ফেব্ৰুৱাৰীত ইডিয়ে গুৱাহাটীত থকা তিনিমহলীয়া অট্টালিকা, এটা ফ্লেট আৰু তিনিটা মাটিৰ টুকুৰাসহ নটা এলআইচি বীমা আঁচনি অস্থায়ীভাৱে জব্দ কৰিছিল।
newznow.in