গুৱাহাটী, ২৬ নৱেম্বৰ: অসম লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা মহম্মদ ছামেদ আলী আৰু তেওঁৰ পত্নী পাৰবীন চুলতানাৰ বিৰুদ্ধে ধন সৰবৰাহৰ অভিযোগত বিশেষ আদালতত চাৰ্জশ্বীট দাখিল কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি)। আয়ৰ সৈতে সংগতি নথকা প্ৰায় ৩.০৮ কোটি টকাৰ অবৈধ সম্পত্তি আহৰণ কৰাৰ অভিযোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তদন্তকাৰী সংস্থাটোৰ তথ্য অনুসৰি, ২০০১ চনৰ ১ জানুৱাৰীৰ পৰা ২০২১ চনৰ ২৮ ফেব্ৰুৱাৰীলৈকে চলা পৰীক্ষণকালত মহম্মদ ছামেদ আলীয়ে প্ৰায় ৫.০৯ কোটি টকাৰ সম্পত্তি আহৰণ কৰিছিল। ইয়াৰ বিপৰীতে তেওঁৰ জ্ঞাত বৈধ আয়ৰ পৰিমাণ আছিল প্ৰায় ২.০১ কোটি টকা। সেই অনুসৰি তেওঁৰ আয় বহিৰ্ভূত সম্পত্তিৰ পৰিমাণ ৩.০৮ কোটি টকা, যিটো জ্ঞাত আয়তকৈ প্ৰায় ১৫২.৯৬ শতাংশ অধিক।
যোৱা ২১ নৱেম্বৰত গুৱাহাটীৰ ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ বিশেষ আদালতত এই চাৰ্জশ্বীট দাখিল কৰা হয়। সংস্থাটোৰ অভিযোগ অনুসৰি, কাৰ্যকালত দুৰ্নীতিৰ জৰিয়তে আহৰণ কৰা ধন আলীয়ে আত্মীয়ৰ বেংক একাউণ্টৰ জৰিয়তে সৰবৰাহ কৰিছিল। লগতে পত্নী আৰু সন্তানৰ একাউণ্টতো হিচাপবিহীন নগদ ধন জমা ৰখা হৈছিল। এই অবৈধ ধনেৰে গুৱাহাটীৰ লালমাটিয়া ৰোডত তিনিমহলীয়া অট্টালিকা নিৰ্মাণ, পত্নীৰ নামত মাটি ক্ৰয়, জীৱন বীমা নিগমৰ (এলআইচি) বীমা আঁচনি আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা বুলি ইডিয়ে প্ৰকাশ কৰিছে। তদুপৰি গুৱাহাটীৰ জোৰপাৰাত পত্নীৰ নামত মাটি ক্ৰয় কৰি গৃহ নিৰ্মাণ আৰু অৱসৰৰ পাছত নিজৰ, পত্নী তথা কন্যাৰ নামত গুৱাহাটীত তিনিটা ফ্লেট ক্ৰয় কৰাৰো অভিযোগ উঠিছে।
অভিযুক্ত অভিযন্তাগৰাকীৰ পত্নী পাৰবীন চুলতানাৰ বিৰুদ্ধেও ধন সৰবৰাহত সহযোগ কৰাৰ অভিযোগ আনিছে তদন্তকাৰী সংস্থাটোৱে। লোকনিৰ্মাণ বিভাগৰ ঠিকাদাৰৰ পৰা তেওঁ বৃহৎ পৰিমাণৰ ধন লাভ কৰি মাটি ক্ৰয় কৰিছিল বুলি অভিযোগ কৰা হৈছে। কোনো বৈধ উপাৰ্জন নথকা সত্ত্বেও একাউণ্টত ধন জমা কৰা আৰু ঠিকাদাৰৰ পৰা উপহাৰ হিচাপে ধন পোৱা বুলি কৰা দাবীৰ সপক্ষে তেওঁ নথি দাখিল কৰিব পৰা নাই।
ইয়াৰ পূৰ্বে ২০২৪ চনৰ ৪ ফেব্ৰুৱাৰীত ইডিয়ে গুৱাহাটীত থকা তিনিমহলীয়া অট্টালিকা, এটা ফ্লেট আৰু তিনিটা মাটিৰ টুকুৰাসহ নটা এলআইচি বীমা আঁচনি অস্থায়ীভাৱে জব্দ কৰিছিল। এই স্থাৱৰ-অস্থাৱৰ সম্পত্তিসমূহৰ মূল্য প্ৰায় ৩.০৬ কোটি টকা। পাছত নতুন দিল্লীৰ ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ ন্যায়নিৰ্ণায়ক কৰ্তৃপক্ষই উক্ত জব্দকৰণৰ নিৰ্দেশ বাহাল ৰাখে।
উল্লেখ্য যে, পূৰ্বে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অধীনস্থ আৰক্ষী থানাত আলীৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনত গোচৰ ৰুজু হৈছিল। তদাৰকী কোষে ২০২৪ চনৰ ৬ মাৰ্চত গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত চাৰ্জশ্বীট দাখিল কৰে। সম্প্ৰতি গোচৰটোৰ তদন্ত অব্যাহত আছে আৰু উত্থাপিত অভিযোগসমূহ আদালতত বিচাৰাধীন হৈ আছে।