মণিপুৰত সন্দেহজনক ভেজাল সুৰা সেৱনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পাইছে।
ইম্ফল, ২৬ নৱেম্বৰ: মণিপুৰত সন্দেহজনক ভেজাল সুৰা সেৱনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পাইছে।
এই পৰ্যন্ত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা ২০ জন লোকৰ ভিতৰত ১৭ জনেই চাণ্ডেল জিলাৰ আৰু তিনিজন কাকচিং জিলাৰ বাসিন্দা।
ইফালে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে দুগৰাকী মহিলাসহ মুঠ ৯ জন লোকক সোমবাৰে গ্ৰেপ্তাৰ কৰে।
সুৰাৰ নমুনা পৰীক্ষাৰ বাবে কলকাতাৰ নেশ্বনেল ফুড লেবৰেটৰীৰ উপৰি ইম্ফলৰ ফৰেনছিক ছায়েন্স লেবৰেটৰী আৰু ষ্টেট পাব্লিক হেল্থ লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে।
newznow.in