ইম্ফল, ২৬ নৱেম্বৰ: মণিপুৰত সন্দেহজনক ভেজাল সুৰা সেৱনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পাইছে। বুধবাৰে ইম্ফলৰ ৰিজিঅ'নেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছ (ৰিমছ) হাস্পতালত কাকচিং জিলাৰ এজন ৩৫ বছৰীয়া ব্যক্তিৰ মৃত্যু হোৱাৰ পিছতে মৃতকৰ সংখ্যা বৃদ্ধি পায়। মৃত ব্যক্তিজনক কাকচিং মাখা লেইকাইৰ বাসিন্দা মায়াংলাম্বাম বিক্ৰম বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ লোকে জনোৱা মতে, দেওবাৰে স্থানীয়ভাৱে প্ৰস্তুত কৰা সুৰা সেৱন কৰাৰ পিছৰে পৰা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। বুধবাৰে পুৱা প্ৰায় ১০ বজাত পেটৰ বিষ, মূৰ ঘূৰণি আৰু বমিৰ সমস্যা হোৱাত তেওঁক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসালয় পোৱাৰ সময়তে তেওঁৰ মৃত্যু ঘটে।
এই পৰ্যন্ত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা ২০ জন লোকৰ ভিতৰত ১৭ জনেই চাণ্ডেল জিলাৰ আৰু তিনিজন কাকচিং জিলাৰ বাসিন্দা। ইয়াৰ পূৰ্বে ১০ নৱেম্বৰত চাণ্ডেল জিলাৰ আনাল খুলেন গাঁৱৰ ৪১ বছৰীয়া লুচি হুলাং নামৰ এগৰাকী ব্যক্তিৰ চকিপিকাৰঙৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰথমটো মৃত্যু হৈছিল।
ইফালে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে দুগৰাকী মহিলাসহ মুঠ ৯ জন লোকক সোমবাৰে গ্ৰেপ্তাৰ কৰে। আদালতে অভিযুক্তকেইজনক ছদিনীয়া আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। মণিপুৰ চৰকাৰৰ মুখপাত্ৰ ছাপাম ৰঞ্জনে মঙলবাৰে সদৰী কৰা মতে, ঘটনা সন্দৰ্ভত মুঠ ১,২৩৬ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে সুস্থ হৈ উঠা ৮১৩ জনক ইতিমধ্যে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।
সুৰাৰ নমুনা পৰীক্ষাৰ বাবে কলকাতাৰ নেশ্বনেল ফুড লেবৰেটৰীৰ উপৰি ইম্ফলৰ ফৰেনছিক ছায়েন্স লেবৰেটৰী আৰু ষ্টেট পাব্লিক হেল্থ লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে। আনহাতে আবকাৰী বিভাগে ৰাজ্যজুৰি চলোৱা অভিযানত এতিয়ালৈকে ৫,০০০ লিটাৰতকৈ অধিক অবৈধ সুৰা জব্দ কৰিছে।