অধিক চেনি, নিমখ অথবা চৰ্বিযুক্ত পেকেটজাত খাদ্যৰ সন্মুখৰ ফালে পৃথক সতৰ্কবাণী প্ৰদৰ্শন বাধ্যতামূলক কৰিবলৈ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে।
নতুন দিল্লী, ২৬ নৱেম্বৰ: অধিক চেনি, নিমখ অথবা চৰ্বি থকা পেকেটজাত খাদ্যৰ সন্মুখৰ ফালতে স্পষ্ট সতৰ্কবাণী প্ৰদৰ্শন কৰিবলৈ বৃহস্পতিবাৰে নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে।
ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে স্পষ্ট কৰে যে অধিক চেনি, নিমখ আৰু চৰ্বিৰ বাবে পৃথক পৃথক সতৰ্কবাণী থাকিব লাগিব।
নিৰ্ধাৰিত সীমাতকৈ অধিক চেনি, নিমখ অথবা সংপৃক্ত চৰ্বি থকা পেকেটত ক্ৰমে ‘HIGH SUGAR’, ‘HIGH SALT’ আৰু ‘HIGH FAT’ বুলি লিখিব লাগিব।
পূৰ্বৰ প্ৰস্তাৱ অনুসৰি দুটা বা ততোধিক উপাদান নিৰ্ধাৰিত সীমাতকৈ বেছি থাকিলেহে প্ৰথম পৰ্যায়ত সতৰ্কবাণী প্ৰদৰ্শনৰ কথা ভবা হৈছিল।
newznow.in