নতুন দিল্লী, ২৬ নৱেম্বৰ: অধিক চেনি, নিমখ অথবা চৰ্বি থকা পেকেটজাত খাদ্যৰ সন্মুখৰ ফালতে স্পষ্ট সতৰ্কবাণী প্ৰদৰ্শন কৰিবলৈ বৃহস্পতিবাৰে নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণক (এফএছএছএআই) আদালতখনে এই নিৰ্দেশ দিয়ে। গ্ৰাহকে যাতে খাদ্যত থকা অপকাৰী উপাদানসমূহ সহজে চিনাক্ত কৰিব পাৰে, তাৰ বাবেই এই ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।

ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে স্পষ্ট কৰে যে অধিক চেনি, নিমখ আৰু চৰ্বিৰ বাবে পৃথক পৃথক সতৰ্কবাণী থাকিব লাগিব। খাদ্য নিয়ন্ত্ৰক সংস্থাটোৱে পূৰ্বে একেটা সংযুক্ত সতৰ্কবাণীৰ প্ৰস্তাৱ দিছিল যদিও আদালতে প্ৰতিটো উপাদানৰ বাবে পৃথক ৰঙা ষড়ভুজ আকৃতিৰ সতৰ্কবাণী প্ৰদৰ্শন কৰিবলৈ কয়।

নিৰ্ধাৰিত সীমাতকৈ অধিক চেনি, নিমখ অথবা সংপৃক্ত চৰ্বি থকা পেকেটত ক্ৰমে ‘HIGH SUGAR’, ‘HIGH SALT’ আৰু ‘HIGH FAT’ বুলি লিখিব লাগিব। পেকেটৰ সন্মুখৰ ফালৰ ওপৰৰ বাওঁহাতে এই সতৰ্কবাণী স্পষ্টকৈ ছপা কৰিব লাগিব। লগতে সতৰ্কবাণীৰ আখৰৰ আকাৰ পেকেটৰ পিছফালে থকা পুষ্টিগত তথ্যৰ আখৰতকৈ কমেও এক পইণ্ট ডাঙৰ হ’ব লাগিব।

পূৰ্বৰ প্ৰস্তাৱ অনুসৰি দুটা বা ততোধিক উপাদান নিৰ্ধাৰিত সীমাতকৈ বেছি থাকিলেহে প্ৰথম পৰ্যায়ত সতৰ্কবাণী প্ৰদৰ্শনৰ কথা ভবা হৈছিল। কিন্তু আদালতৰ নিৰ্দেশ অনুসৰি চেনি, নিমখ অথবা সংপৃক্ত চৰ্বিৰ যিকোনো এটা উপাদানৰ মাত্ৰা নিৰ্ধাৰিত সীমা অতিক্ৰম কৰিলেই সংশ্লিষ্ট সতৰ্কবাণী দিয়াটো বাধ্যতামূলক হ'ব।

এই নিয়ম প্ৰস্তুত কৰাৰ কাম ২০২২ চনৰ পৰাই চলি থকা বুলি আদালতে উল্লেখ কৰে। কোম্পানীসমূহক নিয়ম মানিবলৈ এবছৰ বা ৩৬৫ দিনৰ সময় দিয়াৰ প্ৰস্তাৱক লৈও আদালতে উদ্বেগ প্ৰকাশ কৰে। ব্যৱসায়িক স্বাৰ্থৰ বাবে জনস্বাস্থ্যৰ বিষয়টো আওকাণ কৰিব নোৱাৰি বুলি বিচাৰপীঠে স্পষ্ট কৰে।

পেকেটজাত খাদ্যত অধিক শক্তিশালী পুষ্টিগত সতৰ্কবাণীৰ দাবী জনাই এটা অলাভজনক সংস্থাই দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে। সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত জীৱন আৰু স্বাস্থ্যৰ অধিকাৰৰ সৈতে এই বিষয়টো জড়িত বুলি উল্লেখ কৰি আদালতে অস্বাস্থ্যকৰ খাদ্য আৰু তাৰ বিজ্ঞাপনে শিশুসকলৰ ওপৰত পেলোৱা প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰে।

দেশত মেদবহুলতা, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে অসংক্ৰামক ৰোগ বৃদ্ধি পোৱাৰ সময়তে এই নিৰ্দেশনা আহিছে। খাদ্য আৰু পানীয় উদ্যোগতো ইয়াৰ গভীৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যকৰ্মীসকলে আদালতৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকৰ মতে, পেকেটৰ সন্মুখত স্পষ্ট সতৰ্কবাণী থাকিলে সাধাৰণ লোকে খাদ্য ক্ৰয়ৰ সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিব আৰু কোম্পানীসমূহেও খাদ্যত এই উপাদানবোৰৰ পৰিমাণ হ্ৰাস কৰিবলৈ বাধ্য হ'ব।