উত্তৰ প্ৰদেশৰ আলিগড়ত অবৈধভাৱে বসবাস কৰাৰ অভিযোগত একেটা পৰিয়ালৰ ১২ জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আলিগড়ত আৰক্ষীৰ জালত ১২ বাংলাদেশী নাগৰিক গোপন সূত্ৰৰ ভিত্তিত উত্তৰ প্ৰদেশ আৰক্ষীয়ে চলাইছিল অভিযান ।ধৃত লোককেইটাৰ পৰা আধাৰ, পেন আৰু ভোটাৰ কাৰ্ড উদ্ধাৰ বেংক একাউণ্টৰ লগতে EPFO কার্ডো জব্দ…
আৰক্ষীৰ মতে, ধৃত লোকসকল বাংলাদেশী নাগৰিক আৰু তেওঁলোকে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি ভুৱা পৰিচয় লৈ বসবাস কৰি আহিছিল।
জেৰাৰ সময়ত আমিনা বেগম নামৰ এগৰাকী মহিলাই ১৯৯২ চনত স্বামী আৰু পৰিয়ালৰ সৈতে কোনো বৈধ পাছপ'ৰ্ট বা ভিছা নোহোৱাকৈ ভাৰতত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰা বুলি এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
আলিগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আদিত্য বঞ্চলে জনোৱা মতে, ধৃত লোকসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা আৰু বিদেশী আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
newznow.in