আলিগড়, ২৬ নৱেম্বৰ:

আলিগড়ত আৰক্ষীৰ জালত ১২ বাংলাদেশী নাগৰিক গোপন সূত্ৰৰ ভিত্তিত উত্তৰ প্ৰদেশ আৰক্ষীয়ে চলাইছিল অভিযান ।ধৃত লোককেইটাৰ পৰা আধাৰ, পেন আৰু ভোটাৰ কাৰ্ড উদ্ধাৰ বেংক একাউণ্টৰ লগতে EPFO কার্ডো জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত ম'বাইল ফোনৰ পৰা বাংলাদেশৰে যোগাযোগৰ তথ্য লাভ । আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।

উত্তৰ প্ৰদেশৰ আলিগড়ত অবৈধভাৱে বসবাস কৰাৰ অভিযোগত একেটা পৰিয়ালৰ ১২ জন সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে সন্ধিয়া চহৰখনৰ কোতৱালী আৰু ৰোৰাৱাৰ আৰক্ষী থানা এলেকাত এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই লোককেইজনক আটক কৰা হয়। বৃহস্পতিবাৰে তেওঁলোকক আদালতত হাজিৰ কৰোৱাৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষীয়ে জনাইছে।

আৰক্ষীৰ মতে, ধৃত লোকসকল বাংলাদেশী নাগৰিক আৰু তেওঁলোকে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি ভুৱা পৰিচয় লৈ বসবাস কৰি আহিছিল। অভিযানৰ সময়ত তেওঁলোকৰ পৰা ১০ খন আধাৰ কাৰ্ড, দুখন পেন কাৰ্ড, এখন ভোটাৰ পৰিচয়-পত্ৰ, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, ই-শ্ৰম কাৰ্ড, ইপিএফঅ'ৰ নথি, বেংক পাছবুক আৰু এ টি এম কাৰ্ডৰ লগতে পাঁচটা ম'বাইল ফোন উদ্ধাৰ কৰা হৈছে। জব্দ কৰা ম'বাইল ফোনসমূহৰ কল আৰু বাৰ্তাৰ তথ্যত বাংলাদেশত থকা আত্মীয়ৰ সৈতে যোগাযোগৰ প্ৰমাণ পোৱা গৈছে বুলি আৰক্ষীয়ে দাবী কৰিছে।

জেৰাৰ সময়ত আমিনা বেগম নামৰ এগৰাকী মহিলাই ১৯৯২ চনত স্বামী আৰু পৰিয়ালৰ সৈতে কোনো বৈধ পাছপ'ৰ্ট বা ভিছা নোহোৱাকৈ ভাৰতত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰা বুলি এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। ভুৱা নাম আৰু ঠিকনা ব্যৱহাৰ কৰি চিম কাৰ্ড আৰু পৰিচয়-পত্ৰ সংগ্ৰহ কৰি বিভিন্ন স্থানত কটোৱাৰ অন্তত তেওঁলোকে আলিগড়ত থিতাপি লৈছিল।

আলিগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আদিত্য বঞ্চলে জনোৱা মতে, ধৃত লোকসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা আৰু বিদেশী আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে। উদ্ধাৰ হোৱা নথিসমূহৰ সত্যতা পৰীক্ষা কৰাৰ লগতে এই ভুৱা নথি প্ৰস্তুত কৰাত কোনো চক্ৰ জড়িত আছে নেকি, সেই দিশতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।