সদৌ অসম মটৰ পৰিবহণ সন্থাৰ চকা বন্ধৰ ফলত গুৱাহাটীত স্তব্ধ যাতায়াত ব্যৱস্থা।
গুৱাহাটী: সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চকা বন্ধ কাৰ্যসূচীৰ ফলত গুৱাহাটী মহানগৰীত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে।
এছএলডি আৰু ভিএলটিডি যন্ত্ৰৰ বিসংগতি দূৰ কৰাকে ধৰি কেইবাটাও দাবীত পৰিবহণ সন্থাই আজি পুৱা ৬ বজাৰ পৰা এই চকা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিছে।
এই কাৰ্যসূচীৰ বাবে ব্যক্তিগত চিটি বাছ, মেজিক, অট'ৰিক্সা আৰু দূৰণিবটীয়া বাছৰ চলাচল প্ৰায় স্তব্ধ হৈ পৰিছে।
ইফালে পথত চৰকাৰী এএছটিচি আৰু বৈদ্যুতিক গ্ৰীণ বাছসমূহ চলি আছে যদিও অত্যধিক ভিৰৰ তুলনাত এই ব্যৱস্থা অপৰ্যাপ্ত হৈ পৰিছে।
newznow.in