গুৱাহাটী: সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চকা বন্ধ কাৰ্যসূচীৰ ফলত গুৱাহাটী মহানগৰীত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে। মহানগৰীৰ প্ৰৱেশদ্বাৰ জালুকবাৰীৰ উৰণীয়া সেতুৰ ওপৰত বাহন নোপোৱাত বহু যাত্ৰী আবদ্ধ হৈ চৰম হাহাকাৰৰ সন্মুখীন হ'বলগীয়া হৈছে।

এছএলডি আৰু ভিএলটিডি যন্ত্ৰৰ বিসংগতি দূৰ কৰাকে ধৰি কেইবাটাও দাবীত পৰিবহণ সন্থাই আজি পুৱা ৬ বজাৰ পৰা এই চকা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। পৰিবহণ বিভাগে দাবীসমূহ মানি নোলোৱাৰ বাবেই সংগঠনটোৱে এই প্ৰতিবাদী পদক্ষেপ গ্ৰহণ কৰে।

এই কাৰ্যসূচীৰ বাবে ব্যক্তিগত চিটি বাছ, মেজিক, অট'ৰিক্সা আৰু দূৰণিবটীয়া বাছৰ চলাচল প্ৰায় স্তব্ধ হৈ পৰিছে। মহানগৰীৰ পথত অতি সীমিতসংখ্যক বাণিজ্যিক বাহনহে চলাচল কৰাৰ ফলত নিয়মীয়া যাত্ৰী তথা বিভিন্ন স্থানলৈ ওলোৱা লোকসকলে চৰম অসুবিধাৰ সন্মুখীন হৈছে। বিশেষকৈ জালুকবাৰী অঞ্চলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি বাহনৰ বাবে অপেক্ষা কৰি বহু লোক বিপদত পৰা দেখা গৈছে।

ইফালে পথত চৰকাৰী এএছটিচি আৰু বৈদ্যুতিক গ্ৰীণ বাছসমূহ চলি আছে যদিও অত্যধিক ভিৰৰ তুলনাত এই ব্যৱস্থা অপৰ্যাপ্ত হৈ পৰিছে। মহানগৰীৰ বিভিন্ন আস্থানত বাহনৰ বাবে যাত্ৰীসকলে দীৰ্ঘসময় অপেক্ষা কৰিবলগীয়া হৈছে।

বৰ্তমানলৈকে এই চকা বন্ধ অব্যাহত আছে। পৰৱৰ্তী সিদ্ধান্ত সন্দৰ্ভত সন্থাই এতিয়ালৈকে কোনো নতুন কথা ঘোষণা কৰা নাই, যাৰ ফলত সমগ্ৰ মহানগৰীতে যাতায়াতক লৈ গভীৰ সমস্যাৰ সৃষ্টি হৈছে।