ডলু গ্ৰীণফিল্ড বিমানবন্দৰৰ অনুমোদন লাভ কৰাৰ পাছত শিলচৰত বিজেপিৰ উদ্যোগত এক বিশাল কৃতজ্ঞতা সমদল উলিওৱা হয়।
শিলচৰ: কাছাৰৰ ডলু গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পাছত সমগ্ৰ বৰাক উপত্যকাত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে।
শিলচৰৰ ডিএছএ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই সমদলে চহৰখনৰ বিভিন্ন পথ পৰিক্ৰমা কৰি ৰাঙিৰখাড়িত সমাপ্তি ঘটায়।
এই সমদলত মন্ত্ৰী কৌশিক ৰায়ৰ লগতে ৰাজ্যসভাৰ সাংসদ, বৰাক উপত্যকাৰ দলীয় বিধায়কসকল, বিজেপিৰ নেতা-কৰ্মী আৰু বহু সংখ্যক সমৰ্থকে অংশগ্ৰহণ কৰে।
অংশগ্ৰহণকাৰীসকলে ডলু বিমানবন্দৰৰ এই অনুমোদনক বৰাক উপত্যকাৰ উন্নয়নৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে অভিহিত কৰি আদৰণি জনায়।
newznow.in