শিলচৰ: কাছাৰৰ ডলু গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পাছত সমগ্ৰ বৰাক উপত্যকাত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। এই ঐতিহাসিক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি শিলচৰ চহৰত বিজেপিৰ উদ্যোগত এক বিশাল কৃতজ্ঞতা সমদল উলিওৱা হয়।
শিলচৰৰ ডিএছএ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই সমদলে চহৰখনৰ বিভিন্ন পথ পৰিক্ৰমা কৰি ৰাঙিৰখাড়িত সমাপ্তি ঘটায়। সমদলত অংশ লোৱা শ শ লোকে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ শলাগ লয়।
এই সমদলত মন্ত্ৰী কৌশিক ৰায়ৰ লগতে ৰাজ্যসভাৰ সাংসদ, বৰাক উপত্যকাৰ দলীয় বিধায়কসকল, বিজেপিৰ নেতা-কৰ্মী আৰু বহু সংখ্যক সমৰ্থকে অংশগ্ৰহণ কৰে।
অংশগ্ৰহণকাৰীসকলে ডলু বিমানবন্দৰৰ এই অনুমোদনক বৰাক উপত্যকাৰ উন্নয়নৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে অভিহিত কৰি আদৰণি জনায়। প্ৰায় ২,০১৪ কোটি টকা ব্যয়ৰে এই গ্ৰীণফিল্ড বিমানবন্দৰটো নিৰ্মাণ কৰা হ'ব বুলি জানিব পৰা গৈছে।