অসম

গুৱাহাটীত ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহৰ বাবদ মাহে ৫০ টকা মাচুল নিৰ্ধাৰণ পৌৰ নিগমৰ

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

গুৱাহাটীত ঘৰে ঘৰে গোটা আৱৰ্জনা সংগ্ৰহৰ বাবদ প্ৰতিটো পৰিয়ালে মাহিলি ৫০ টকাকৈ ব্যৱহাৰকাৰী মাচুল দিব লাগিব বুলি জাননী জাৰি কৰিছে গুৱাহাটী পৌৰ নিগমে।

২ / ৫

গুৱাহাটী, ২৬ নৱেম্বৰ: গুৱাহাটী মহানগৰীৰ প্ৰতিটো পৰিয়ালে ঘৰে ঘৰে গোটা আৱৰ্জনা সংগ্ৰহ সেৱাৰ বাবদ এতিয়াৰে পৰা প্ৰতিমাহে ৫০ টকাকৈ ব্যৱহাৰকাৰী মাচুল পৰিশোধ কৰিব লাগিব।

৩ / ৫

পৌৰ নিগমৰ জাননী অনুসৰি, ২০২৬ চনৰ ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

৪ / ৫

সংশ্লিষ্ট অঞ্চলসমূহৰ নিৰ্ধাৰিত স্বচ্ছতা সখীসকলে এক অনুমোদিত এপভিত্তিক ব্যৱস্থাৰ জৰিয়তে এই মাচুল সংগ্ৰহ কৰিব।

৫ / ৫

মহানগৰখনৰ আৱৰ্জনা সংগ্ৰহ ব্যৱস্থা অধিক সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু স্বাস্থ্যকৰ কৰি ৰখাৰ উদ্দেশ্যেই এই পদক্ষেপ লোৱা হৈছে বুলি জাননীখনত উল্লেখ কৰা হয়।

গুৱাহাটীত ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহৰ বাবদ মাহে ৫০ টকা মাচুল নিৰ্ধাৰণ পৌৰ নিগমৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক