গুৱাহাটী, ২৬ নৱেম্বৰ: গুৱাহাটী মহানগৰীৰ প্ৰতিটো পৰিয়ালে ঘৰে ঘৰে গোটা আৱৰ্জনা সংগ্ৰহ সেৱাৰ বাবদ এতিয়াৰে পৰা প্ৰতিমাহে ৫০ টকাকৈ ব্যৱহাৰকাৰী মাচুল পৰিশোধ কৰিব লাগিব। গুৱাহাটী পৌৰ নিগমে এক ৰাজহুৱা জাননীযোগে এই নিৰ্দেশনা জাৰি কৰিছে।

পৌৰ নিগমৰ জাননী অনুসৰি, ২০২৬ চনৰ ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ঘৰে ঘৰে গৈ গোটা আৱৰ্জনা সংগ্ৰহ কৰা সেৱাৰ বাবদ প্ৰতিটো পৰিয়ালৰ পৰা মাহিলি ৫০ টকাকৈ সংগ্ৰহ কৰা হ'ব বুলি জাননীখনত স্পষ্ট কৰি দিয়া হৈছে।

সংশ্লিষ্ট অঞ্চলসমূহৰ নিৰ্ধাৰিত স্বচ্ছতা সখীসকলে এক অনুমোদিত এপভিত্তিক ব্যৱস্থাৰ জৰিয়তে এই মাচুল সংগ্ৰহ কৰিব। পৌৰ নিগমে জানিবলৈ দিয়া মতে, এই মাচুল সংগ্ৰহৰ দায়িত্ব কেৱল স্বচ্ছতা সখীসকলৰ ওপৰতহে ন্যস্ত কৰা হৈছে আৰু তেওঁলোকে নিৰ্ধাৰিত নিয়ম অনুসৰি ঘৰে ঘৰে গৈ ধন সংগ্ৰহ কৰিব।

মহানগৰখনৰ আৱৰ্জনা সংগ্ৰহ ব্যৱস্থা অধিক সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু স্বাস্থ্যকৰ কৰি ৰখাৰ উদ্দেশ্যেই এই পদক্ষেপ লোৱা হৈছে বুলি জাননীখনত উল্লেখ কৰা হয়।

পৌৰ নিগমে গুৱাহাটীৰ সকলো নাগৰিককে এই নতুন ব্যৱস্থাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। লগতে প্ৰতিমাহে নিৰ্ধাৰিত ৫০ টকা মাচুল পৰিশোধ কৰি পৌৰ নিগমৰ চাফাই সেৱা অব্যাহত ৰখাত সহায় কৰিবলৈ অনুৰোধ জনায়।

এই জাননীখন ২০২৬ চনৰ ২৫ নৱেম্বৰত জাৰি কৰা হৈছে যদিও ১ নৱেম্বৰৰ পৰা পূৰ্বপ্ৰভাৱিতভাৱে কাৰ্যকৰী কৰা বুলি উল্লেখ থকাত মহানগৰবাসীৰ মাজত চৰ্চা আৰম্ভ হৈছে।