অহা ১ আৰু ২ ডিচেম্বৰত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা।দেশৰ কেইবাখনো ৰাজ্যৰ দৃষ্টিহীন ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব এই টুৰ্নামেণ্টত।
বিশেষভাৱে সক্ষম খেলুৱৈসকলৰ প্ৰতিভা আৰু সামৰ্থ্যক এক উপযুক্ত মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰা হৈছে।
প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসম আৰু ব্লাইণ্ড ক্ৰিকেট ফেডাৰেচনৰ উদ্যোগত তথা গুৱাহাটী ক্ৰিকেট একাডেমী আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সহযোগত এই খেলসমূহ অনুষ্ঠিত হ'ব।
অহা ১ ডিচেম্বৰৰ দিনৰ ১ বজাত প্ৰথমখন খেলৰ জৰিয়তে এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হ'ব।
newznow.in