গুৱাহাটী, ২৬ নৱেম্বৰ:
প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা।দেশৰ কেইবাখনো ৰাজ্যৰ দৃষ্টিহীন ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব এই টুৰ্নামেণ্টত।
বিশেষভাৱে সক্ষম খেলুৱৈসকলৰ প্ৰতিভা আৰু সামৰ্থ্যক এক উপযুক্ত মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰা হৈছে। অহা ১ আৰু ২ ডিচেম্বৰত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দেশৰ কেইবাখনো ৰাজ্যৰ দৃষ্টিহীন ক্ৰিকেট দলে ইয়াত অংশগ্ৰহণ কৰিব।
প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসম আৰু ব্লাইণ্ড ক্ৰিকেট ফেডাৰেচনৰ উদ্যোগত তথা গুৱাহাটী ক্ৰিকেট একাডেমী আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সহযোগত এই খেলসমূহ অনুষ্ঠিত হ'ব। আয়োজকসকলে জনোৱা মতে, অসমৰ লগতে ঝাৰখণ্ড আৰু ত্ৰিপুৰাকে ধৰি বিভিন্ন ৰাজ্যৰ ক্ৰিকেট দলে ইতিমধ্যে প্ৰতিযোগিতাত অংশ লোৱাৰ কথা নিশ্চিত কৰিছে।
উদ্বোধন কৰিব বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই
অহা ১ ডিচেম্বৰৰ দিনৰ ১ বজাত প্ৰথমখন খেলৰ জৰিয়তে এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হ'ব। উদ্বোধনী অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া উপস্থিত থাকিব। ইয়াৰ লগতে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ লগতে কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়ক উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।
দুদিনীয়া প্ৰতিযোগিতাখনৰ খেলসমূহ ১ আৰু ২ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ পিছত ৩ ডিচেম্বৰত বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনা সামৰণি অনুষ্ঠান আৰু বঁটা বিতৰণী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।
দৃষ্টিহীন খেলুৱৈৰ বাবে মঞ্চ সৃষ্টিৰ প্ৰয়াস
এক সংবাদমেলত আয়োজকসকলে অসমৰ আন্তঃৰাষ্ট্ৰীয় দৃষ্টিহীন ক্ৰিকেটাৰ চিমু দাসৰ সফলতাৰ কথা উল্লেখ কৰে। চিমু দাসে দিল্লীৰ দলৰ হৈ খেলি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিছে আৰু অসম চৰকাৰে তেওঁক 'অসম গৌৰৱ' বঁটাৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ এগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰে উপযুক্ত সুবিধা নথকাৰ বাবে আন ৰাজ্যৰ হৈ খেলিবলগীয়া হোৱা বিষয়টোৱে অসমত দৃষ্টিহীন ক্ৰিকেটৰ এখন স্থায়ী মঞ্চ গঢ়ি তোলাৰ প্ৰয়োজনীয়তা স্পষ্ট কৰি তুলিছে বুলি উদ্যোক্তাসকলে মন্তব্য কৰে।
আয়োজকসকলে কয় যে দৃষ্টিহীন খেলুৱৈসকলক কেৱল দয়া বা সহানুভূতিৰ দৃষ্টিৰে চোৱা অনুচিত। তেওঁলোকৰ ভাষ্য অনুসৰি, দৃষ্টিহীন খেলুৱৈসকলৰ প্ৰতিভা আৰু সামৰ্থ্যক গুৰুত্ব দি ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলা আৰু সমাজৰ মাজত সচেতনতা সৃষ্টি কৰাটোৱেই হৈছে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ মূল লক্ষ্য।