পৰিবহণ বিভাগৰ সৈতে বৈঠকত ইতিবাচক সঁহাৰি পোৱাৰ পাছতো চৰকাৰৰ পৰা লিখিত নিৰ্দেশনা নোপোৱালৈকে চকাবন্ধ অব্যাহত ৰাখিব সদৌ অসম মটৰ পৰিবহণ সন্থাই।
সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সৈতে পৰিবহণ বিভাগৰ আয়ুক্ত সচিব আকাশদীপ আৰু উচ্চ পৰ্যায়ৰ বিষয়াৰ বৈঠক ।জনতা ভৱনত অনুষ্ঠিত বৈঠকত মটৰ পৰিবহণ সন্থাৰ ৬ টা দাবী পূৰণ কৰাৰ আশ্বাস পৰিবহণ বিভাগৰ।
ৰাজ্যজুৰি চলি থকা চকাবন্ধ কাৰ্যসূচীৰ মাজতে দিছপুৰৰ জনতা ভৱনত পৰিবহণ বিভাগৰ সৈতে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
বৈঠকত সন্থাই উত্থাপন কৰা ছটা মূল দাবীৰ সন্দৰ্ভত বিতং আলোচনা কৰা হয়।
সন্থাৰ অন্যতম প্ৰধান দাবী আছিল ৰাষ্ট্ৰীয় ঘাইপথত জেক লগাই বাহন দাঙি এছএলডি পৰীক্ষা কৰা পদ্ধতি বন্ধ কৰা।
newznow.in