দিছপুৰ:

সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সৈতে পৰিবহণ বিভাগৰ আয়ুক্ত সচিব আকাশদীপ আৰু উচ্চ পৰ্যায়ৰ বিষয়াৰ বৈঠক ।জনতা ভৱনত অনুষ্ঠিত বৈঠকত মটৰ পৰিবহণ সন্থাৰ ৬ টা দাবী পূৰণ কৰাৰ আশ্বাস পৰিবহণ বিভাগৰ।

ৰাজ্যজুৰি চলি থকা চকাবন্ধ কাৰ্যসূচীৰ মাজতে দিছপুৰৰ জনতা ভৱনত পৰিবহণ বিভাগৰ সৈতে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পৰিবহণ বিভাগৰ আয়ুক্ত-সচিব আকাশদীপ আৰু বিভাগটোৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে সন্থাৰ এটি প্ৰতিনিধি দল আলোচনাত মিলিত হয়।

বৈঠকত সন্থাই উত্থাপন কৰা ছটা মূল দাবীৰ সন্দৰ্ভত বিতং আলোচনা কৰা হয়। সন্থাৰ প্ৰতিনিধিসকলে জনোৱা মতে, বিভাগে দাবীসমূহৰ প্ৰতি ইতিবাচক সঁহাৰি জনাইছে আৰু সেয়া পূৰণৰ আশ্বাস দিছে। কিন্তু চৰকাৰৰ পৰা লিখিত প্ৰতিশ্ৰুতি আৰু নিৰ্দেশনা লাভ নকৰালৈকে বন্ধ প্ৰত্যাহাৰ কৰা নহ'ব বুলি সন্থাই স্পষ্ট কৰি দিছে।

সন্থাৰ অন্যতম প্ৰধান দাবী আছিল ৰাষ্ট্ৰীয় ঘাইপথত জেক লগাই বাহন দাঙি এছএলডি পৰীক্ষা কৰা পদ্ধতি বন্ধ কৰা। এই প্ৰক্ৰিয়া অত্যন্ত বিপজ্জনক আৰু ইয়াৰ ফলত পথ দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি পায় বাবে ইয়াক তৎকালীনভাৱে বন্ধ কৰিবলৈ বিভাগে ব্যৱস্থা ল'ব লাগে বুলি সন্থাই দাবী জনায়।

আনহাতে, বাহনৰ নামত ৩০খন পৰ্যন্ত ই-চালান থকাৰ অভিযোগ তুলি বাহন জব্দ কৰি থানাত আৱদ্ধ কৰি ৰখাৰ বিষয়টোতো আপত্তি দৰ্শায় সন্থাই। এনে চালানসমূহ আদালতলৈ প্ৰেৰণ কৰাৰ দাবী জনোৱা হৈছে, যাতে ন্যায়ালয়ৰ জৰিয়তে সমগ্ৰ বিষয়টোৰ নিষ্পত্তি হ'ব পাৰে।

ইয়াৰ উপৰি এছএলডি আৰু ভিএলডিটি প্ৰমাণ-পত্ৰ আপলোড নোহোৱাৰ বাবে বাহনৰ ফিটনেছ, পাৰ্মিট নৱীকৰণ আৰু বিশেষ পাৰ্মিট লাভ কৰাত চালক-মালিকসকল সমস্যাৰ সন্মুখীন হৈছে বুলি সন্থাই অভিযোগ তোলে। এই প্ৰমাণ-পত্ৰসমূহ আপডেট কৰিবলৈ নিৰ্দিষ্ট সময় দিয়াৰ লগতে পূৰ্বৰ দৰে এমভিআই পৰীক্ষাৰ জৰিয়তে বাহনৰ গতি-সীমা পৰীক্ষাৰ ব্যৱস্থা বাহাল ৰাখিবলৈ সন্থাই আহ্বান জনায়।

সন্থাৰ প্ৰতিনিধিয়ে উল্লেখ কৰা মতে, বিভাগে দাবীসমূহ বিবেচনা কৰি পৰৱৰ্তী সময়ত সময়সূচীসহ লিখিত নিৰ্দেশনা দিয়াৰ কথা প্ৰকাশ কৰিছে। কিন্তু আনুষ্ঠানিকভাৱে লিখিত প্ৰতিশ্ৰুতি হাতত নপৰালৈকে এই চকাবন্ধ কাৰ্যসূচী অব্যাহত থাকিব বুলি সদৌ অসম মটৰ পৰিবহণ সন্থাই পুনৰ স্পষ্ট কৰি দিয়ে।