মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ বৰ্ষপূৰ্তিত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনাই দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তা ব্যৱস্থা শক্তিশালী হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
গুৱাহাটী, ২৬ নৱেম্বৰ: ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ ১৮সংখ্যক বৰ্ষপূৰ্তিৰ দিনটোত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অসমৰ…
২০০৮ চনৰ ২৬ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ ১০জন সদস্যই মুম্বাই মহানগৰীৰ কেইবাটাও স্থানত ভয়ংকৰ আক্ৰমণ চলাইছিল।
এই ভয়াৱহ আক্ৰমণত সন্ত্ৰাসবাদীসহ মুঠ ১৭৫জন লোক নিহত হৈছিল আৰু ৩০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছিল।
সেই আক্ৰমণৰ পাছৰে পৰা ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী ব্যৱস্থা, চোৰাংচোৱা সংস্থাসমূহৰ মাজৰ সমন্বয় আৰু উপকূলীয় নিৰাপত্তাত ব্যাপক সংস্কাৰ সাধন কৰা হৈছে।
newznow.in