গুৱাহাটী, ২৬ নৱেম্বৰ: ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ ১৮সংখ্যক বৰ্ষপূৰ্তিৰ দিনটোত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ২৬/১১ৰ আক্ৰমণক দেশৰ ইতিহাসৰ এক ‘ক’লা দিন’ বুলি অভিহিত কৰি তেওঁ কয় যে এই ঘটনাৰ পিছৰে পৰা ভাৰতৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তা ব্যৱস্থাই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰত এতিয়া বহু দূৰ আগবাঢ়িছে। ভাৰতৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সকলো শক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সংকল্প পুনৰ ব্যক্ত কৰাৰ লগতে আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সাহসেৰে যুঁজি প্ৰাণ আহুতি দিয়া নিৰাপত্তাৰক্ষীসকলকো তেওঁ শ্ৰদ্ধাৰে স্মৰণ কৰে।
২০০৮ চনৰ ২৬ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ ১০জন সদস্যই মুম্বাই মহানগৰীৰ কেইবাটাও স্থানত ভয়ংকৰ আক্ৰমণ চলাইছিল। তাজমহল পেলেচ হোটেল, অবেৰয় ট্ৰাইডেণ্ট, ছত্ৰপতি শিৱাজী টাৰ্মিনাছ আৰু নৰিমেন হাউছকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত এই আক্ৰমণ সংঘটিত হৈছিল।
এই ভয়াৱহ আক্ৰমণত সন্ত্ৰাসবাদীসহ মুঠ ১৭৫জন লোক নিহত হৈছিল আৰু ৩০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছিল। পিছত নেচনেল ছিকিউৰিটি গাৰ্ড চমুকৈ এনএছজিৰ ‘অপাৰেশ্যন ব্লেক টৰ্নেডো’ অভিযানৰ জৰিয়তে সন্ত্ৰাসবাদীসকলক নিৰ্মূল কৰা হয়।
সেই আক্ৰমণৰ পাছৰে পৰা ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী ব্যৱস্থা, চোৰাংচোৱা সংস্থাসমূহৰ মাজৰ সমন্বয় আৰু উপকূলীয় নিৰাপত্তাত ব্যাপক সংস্কাৰ সাধন কৰা হৈছে। বৰ্ষপূৰ্তিৰ এই দিনটোত পুনৰবাৰ দেশৰ সন্ত্ৰাসবাদবিৰোধী প্ৰস্তুতি আৰু নিৰাপত্তাৰ দিশটো বিশেষভাৱে চৰ্চালৈ আহিছে।