বিজেপি চৰকাৰৰ শাসন ব্ৰিটিছৰ দিনতকৈও বেয়া বুলি গুৱাহাটীত অভিযোগ তোলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেশ বাঘেলে।
গুৱাহাটী, ২৬ নৱেম্বৰ: বিজেপি চৰকাৰৰ শাসন ব্ৰিটিছৰ শাসনতকৈও বেয়া বুলি তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা এআইচিচিৰ সাধাৰণ সম্পাদক ভূপেশ বাঘেলে।
বাঘেলে অভিযোগ কৰি কয় যে বিজেপি চৰকাৰে দেশৰ গণতান্ত্ৰিক মূল্যবোধ দুৰ্বল কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে মাত মতা লোকসকলৰ কণ্ঠ ৰোধ কৰিবলৈ অহৰহ চেষ্টা চলাইছে।
১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধান গ্ৰহণ কৰাৰ দিনটোৰ ঐতিহাসিক গুৰুত্বৰ কথা উল্লেখ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে সংবিধান ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায়।
ইপিনে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভোট চোৰ, গাদ্দী ছোড়’ আৰু ‘ভোট বচাও, দেশ বচাও’ শ্লোগানৰ প্ৰসংগ উত্থাপন কৰি বাঘেলে কয় যে এই অভিযানৰ জৰিয়তে ভোটাধিকাৰ আৰু গণতন্ত্ৰৰ প্ৰতি অহা ভাবুকিৰ…
newznow.in