গুৱাহাটী, ২৬ নৱেম্বৰ: বিজেপি চৰকাৰৰ শাসন ব্ৰিটিছৰ শাসনতকৈও বেয়া বুলি তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা এআইচিচিৰ সাধাৰণ সম্পাদক ভূপেশ বাঘেলে। সংবিধান দিৱস উপলক্ষে বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ নেতাগৰাকীয়ে এই মন্তব্য কৰে।

বাঘেলে অভিযোগ কৰি কয় যে বিজেপি চৰকাৰে দেশৰ গণতান্ত্ৰিক মূল্যবোধ দুৰ্বল কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে মাত মতা লোকসকলৰ কণ্ঠ ৰোধ কৰিবলৈ অহৰহ চেষ্টা চলাইছে। বৰ্তমানৰ চৰকাৰৰ দিনত সাধাৰণ নাগৰিকে প্ৰতিবাদ সাব্যস্ত কৰা আৰু নিজৰ মত প্ৰকাশ কৰাৰ স্বাধীনতা হেৰুৱাই পেলাইছে বুলিও তেওঁ দাবী কৰে।

১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধান গ্ৰহণ কৰাৰ দিনটোৰ ঐতিহাসিক গুৰুত্বৰ কথা উল্লেখ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে সংবিধান ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায়। সংবিধানৰ মূল্যবোধ আৰু গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে কংগ্ৰেছে দেশৰ বিভিন্ন ৰাজ্যিক মুখ্য কাৰ্যালয়ত ‘সংবিধান ৰক্ষক দিৱস’ পালন কৰিছে বুলি তেওঁ জনায়।

ইপিনে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভোট চোৰ, গাদ্দী ছোড়’ আৰু ‘ভোট বচাও, দেশ বচাও’ শ্লোগানৰ প্ৰসংগ উত্থাপন কৰি বাঘেলে কয় যে এই অভিযানৰ জৰিয়তে ভোটাধিকাৰ আৰু গণতন্ত্ৰৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে। সামূহিক প্ৰচেষ্টাৰ জৰিয়তেহে দেশৰ সংবিধান আৰু গণতন্ত্ৰ সুৰক্ষিত কৰিব পৰা যাব বুলিও তেওঁ আশা প্ৰকাশ কৰে।